Breaking

শ শ টোকোৰা চৰাইৰ বাহে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত

0 2,521

শ শ বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে আশ্ৰয় লৈদৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাসগৃহৰ চৌহদত।ফলত বৰাৰ পৰিয়ালে শুনিবল লগা হৈছে কৃষকৰ গালি !কোনো লোকৰ পোহনীয়া হাঁহ,কুকুৰা চুবুৰীয়াৰ বাৰীত সোমাই অনিষ্ট কৰিলে সেই চুবুৰীয়াই গৃহস্থক গালি পৰা আপুনি নিশ্চয় দেখিছে বা
শুনিছে।কিন্তু এইবাৰ এজাক বন্যপক্ষীক নিজৰ গৃহত বিগত পাঁচ বছৰ আশ্ৰয় দি অহাৰ বাবে গাঁৱৰ একাংশ কৃষক লোকৰ গালি-শপনিও শুনিব লগাত পৰিছে ঢকুৱাখনাৰ এঘৰ গৃহস্থই।শ শ টোকোৰা চৰাইৰ মাতেৰে মুখৰিত,আৰু বাঁহেৰে পৰিবেষ্টিত নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ অমুদ বৰবাৰী গাঁৱৰ ভবেন বৰাৰ বাসগৃহত।বিগত প্ৰায় পাঁচ বছৰ ধৰি পক্ষী অভিযন্তাৰূপে খ্যাত শ শ টোকোৰা চৰাইয়ে লোকজনৰ বাৰীৰ তামোল গছত বাহ সাজি,কণী পাৰি পোৱালী জগাই আহিছে।এই চৰাইবোৰ জাকে জাকে গৈ গাঁৱৰ,চুবুৰীয়া কৃষকৰ পথাৰত পকিবলৈ ধৰা-আহু,আৰু বড়ো ধানৰ ঠোঁক খায় অনিষ্ট কৰি আহিছে কৃষক ৰাইজৰ।ফলত টোকোৰা চৰাইবোৰক নিজৰ বাৰীৰ পৰা বাঁহ ভাঙি খেদিবলৈ কৈ আহিছে বহু কৃষকে ভবেন বৰাৰ পৰিয়ালক।পিছে নিজৰ বাৰীৰ তামোল গছত পোহনীয়া চৰাইৰ দৰেই আশ্ৰয় লৈ থকা টোকোৰা জাকক নেখেদাৰ বাবে মাজে মাজে একাংশ কৃষক ৰাইজৰ গালি-শপনিও শুনিব লগাত পৰিছে পক্ষী প্ৰেমী ভৱেন বৰাৰ পৰিয়ালে। উল্লেখ্য যে ভৱেন বৰাৰ বাৰীত টোকোৰা চৰাইৰ লগতে ঘৰচিৰিকা,শালিকা,চুতীয়া শালিকা,ভদৰকলি আদি বিভিন্ন চৰাইয়েও আশ্ৰয় লৈ আহিছে প্ৰতিবছৰে।বৰাৰ ঘৰৰ প্ৰতিজন সদস্যই পক্ষীকুলক মৰম কৰাৰ বাবেইনিৰ্ভয়ে বনৰীয়া চৰাইবোৰে বাহ সাজি আপোন মনে থাকিব পাৰিছে নিৰাপদে। উল্লেখ্য যে নগৰীকৰণ আৰু ম’বাইল টাৱাৰৰ কু-প্ৰভাৱৰলগতে বৰ্তমান সময়ত প্ৰায়বোৰ গাঁৱতে কৰা আহুখেতি নকৰা হোৱাৰ ফলত ক্ৰমে বিলুপ্তিৰ পথলৈ আগবাঢ়িছে টোকোৰা চৰাইৰ।টোকোৰা চৰাইক-IUCN ৰ ৰেড লিষ্টত least concern বুলি চিহ্নিত কৰা হৈছে যদিও টোকোৰা চৰাইৰ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনবোৰেও উপযুক্ত সজাগতামুলক ব্যৱস্থা গ্ৰহণনকৰাত অসমৰ গাঁৱে ভূঞে অৱশিষ্ট ৰূপত থকাটোকোৰা চৰাইবোৰো এতিয়া দুষ্প্ৰাপ্য হৈ গৈ আছে প্ৰতিবছৰে।এনে সময়ত ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত বিগত পাঁচ বছৰে টোকোৰা চৰাইবোৰে বাহ সাজি থকাতো এক সুভ লক্ষণ।ভবেন বৰাৰ বাৰীৰ এই টোকোৰা চৰাইৰ বাহ আৰু সিহঁতৰ কলৰব্ শুনিবলৈ এতিয়া একাংশ স্থানীয় প্ৰকৃত প্ৰেমী লোকৰ লগতে বাটৰুৱাইওঅমুদ বৰবাৰীলৈ গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

Leave A Reply