Breaking

বিলাসীপাৰাৰ সাপটগ্ৰামত থানাৰ দালালৰ বিৰুদ্ধে শতাধিক মহিলাৰ তীব্ৰ প্ৰতিবাদ।

0 1,020

সাপটগ্ৰাম থানাত দালালৰাঁজ বন্ধ নহলে মহিলা সকলে তেওঁলোকৰ আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ।হয় আপুনি যি শুনিছে ঠিকেই শুনিছে।থানাত দালালৰাঁজ বন্ধ নহলে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম।থানাত দালালৰাঁজ চলি থাকিলে আমি কেতিয়াও ন্যায় নাপাম।এজন পুৰুষে কিয় এজন নাৰীক নিৰ্যাতন কৰিলে।ইয়াৰ উচিত বিচাৰ নোপোৱা লৈকে আমি আন্দোলন অব্যাহত ৰাখিম।আজি পশ্চিম অসমৰ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামত একাংশ মহিলাৰ মুখত শুনা গল এনে ভাষ্য।শুনক সাপটগ্ৰাম থানাৰ দালালৰাঁজ চলি থকা সন্দৰ্ভত একাংশ মহিলাই আজি কেনে দৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।উল্লেখযোগ্য যে, যোৱা কালি এটা গৰুৱা পথক কেন্দ্ৰ কৰি এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল।

যি ঘটনাৰ গইনালৈ একাংশ থানাৰ দালালে সচাঁক মিছা সজাই এগৰাকী নিৰ্যাতিত মহিলাক ন্যায়ৰ পৰা বঞ্চিত কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে।যাৰ পৰিপ্ৰেক্ষিতত উক্ত গাৱৰ শতাধিক মহিলাই উক্ত কাৰ্য্যত ক্ষুন্ন হৈ নিৰ্যাতিত মহিলাৰ ন্যায়ৰ পক্ষত ওলাই আহি থানাৰ দালালৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হোৱা দেখিবলৈ পোৱা গৈছে।এতিয়া প্ৰতিবাদী মহিলা সকলোৰ ভাষা প্ৰশাসনে কেনে দৰে গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হব।

Leave A Reply