Breaking

ভোক লাগিছে, কিন্তু খাবলৈ একো নাই! গতিকে আপোনাৰ ‘প্ৰিয় খাদ্য’ৰ ফটোখন চাওক, পেট ভৰি যাব…

0 61

খাদ্যৰ ছবি চাই ভোক পূৰণ কৰিব পাৰিনে? এই কথা শুনি আপোনাৰ হয়তো আচৰিত লাগিছে। কিন্তু এনে এক দাবী কৰা হৈছে অধ্যয়নত। যেতিয়া আমাৰ ভোক লাগে তেতিয়া আমাৰ যিকোনো বস্তু খাবলৈ মন যায়। কিন্তু আপুনি জানেনে যে এনে পৰিস্থিতিত আপোনাৰ প্ৰিয় খাদ্যৰ ফটোখন দেখাৰ পিছতো পেট ভৰিব পাৰে? এই কথা শুনি আপোনাৰ নিশ্চয় আচৰিত লাগিছে। কিন্তু এক অধ্যয়নত দাবী কৰা হৈছে যে খাদ্যৰ ফটো চাইও ভোক নাইকিয়া কৰিব পাৰি। ‘এপেটাইট’ নামৰ এখন আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি খাদ্যৰ ছবি যিমানেই দেখা যায় সিমানেই আপোনাৰ ভোক নাইকিয়া হয় বুলি প্ৰকাশ হৈছে। এই অধ্যয়নৰ লেখক জাৰ্ক এণ্ডাৰছনে কয় যে এই গৱেষণাৰ ফলাফল অনুসৰি খাদ্যৰ ফটোখন ৩০ বাৰতকৈ অধিক দেখা সকলৰ পেটত ভোকৰ অনুভৱ নোহোৱা হৈ গৈছিল। এই অধ্যয়নৰ সময়ত যিসকল লোকে খাদ্যৰ ছবিখন বহুবাৰ দেখিছিল, তেওঁলোকে কম খাদ্য খাবলৈ লৈছিল। এই অধ্যয়নত জড়িত লোকসকলে একো নোখোৱাকৈয়ে পেট ভৰা যেন অনুভৱ কৰিছিল।

আৰহাছ বিশ্ববিদ্যালয়ৰ মতে, মগজুৰ গৱেষণাত ‘গ্ৰাউণ্ডেড কগনিচন থিয়ৰী’ৰ সহায়ত এই অধ্যয়নৰ ফলাফল আপুনি ভালদৰে বুজিব পাৰিব। কল্পনা কৰক যে আপুনি কেঁচা আমৰ টুকুৰা এটা তাৰ ওপৰত অলপ জলকীয়া আৰু নিমখ ছটিয়াই খাই আছে। কেৱল কল্পনা কৰিলেই আপুনি অনুভৱ কৰিব যে আপুনি সঁচাকৈয়ে কেঁচা আম খাইছে। জাৰ্ক এণ্ডাৰছনে কয় যে খাদ্যৰ কল্পনা কৰিলেও আপুনি একে সঁহাৰি পাব, যিটো আপুনি প্ৰকৃততে খাই । এই বাবেই কেৱল খাদ্যৰ ফটোখন চাই থাকিলেও পেট ভৰা অনুভৱ হ’ব পাৰে।


Leave A Reply