Breaking

বটদ্ৰৱাৰ কদমণি পথাৰৰ পৰা ড্ৰাগছসহ আটক স্বামী-স্ত্ৰীক…

0 65

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমণি পথাৰৰ পৰা ড্ৰাগছসহ স্বামী-স্ত্ৰীক বটদ্ৰবা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫ বজাত এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই কদমণি পথাৰৰ ছাইফুল ইছলামৰ বাসগৃহৰ পৰা ২০ টা কণ্টেইনাৰত থকা ২৭.৬১ গ্ৰাম হি’ৰইন সহ এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীয়ে ছাইফুল ইছলাম আৰু তেওঁৰ পত্নী মোচিদা খাতুনক আটক কৰি জেল হাজতলৈ‌ প্ৰেৰণ কৰে বুলি বটদ্ৰবা চক্ৰৰ চক্ৰ বিষয়া তথা বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই সংবাদ মাধ্যমক জনাই।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Leave A Reply