নলবাৰীৰ কুখ্যাত ডকাইত তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ । নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত আত্মসমৰ্পণ আনোৱাৰৰ । এসময়ৰ অসম আৰক্ষীৰ কনিষ্টবল আনোৱাৰ হুছেইন পৰৱৰ্তীকালত হৈ পৰিল দুধৰ্ষ ডকাইত । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক হাইজেক মাষ্টাৰ মাইণ্ড আছিল আনোৱাৰ হুছেইন। লগতে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জৰিত আছিল আনোৱাৰ হুছেইন৷ অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড হিচাপে চিহ্নিত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইন হৈ পৰিছিল আৰক্ষীৰ মুৰৰ কামোৰণি।আৰক্ষীৰ নিদ্ৰা হৰণ কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমত চলাইছিল সন্ত্ৰাস । ১৯৯৬ চনত অসম আৰক্ষীত যোগদান কৰা কৰা আনোৱাৰ হুছেইন পৰৱৰ্তী সময়ত ডকাইতি কাণ্ডৰ সৈতে জৰিত হৈ পৰিছিল৷কুখ্যাত ডকাইত আনোৱাৰৰ ফটো প্ৰায়বোৰ থানাতে আৰি থোৱা আছে৷অৱশেষত অসম আৰক্ষী ম’ষ্ট ৱাণ্টেড তথা দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনে আজি নলবাৰীৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰে৷নলবাৰী জিলাৰ সুৰাদিত ঘৰ আনোৱাৰ হুছেইনৰ৷অসম আৰক্ষীৰ কনিষ্টবল নলবাৰীৰ আব্দুল ৰৌফ আৰু আনোৱাৰৰ ভাতৃ তথা আৰক্ষী জোৱান ইনামুল হুছেইনে বুজনি দি আনোৱাৰ হুছেইনক আত্মসমৰ্পণ কৰায় বুলি জানিব পৰা গৈছে৷ আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ কাৰ্যত নলবাৰী আৰক্ষীয়ে স্বস্তি লাভ কৰিছে৷

