Breaking

মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই; ৰাইজে মোক সহায় কৰি আছেঃ ফনীভূষণ চৌধুৰী…

0 19

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ক্ৰমে বৃদ্ধি কৰিছে নিৰ্বাচনী প্ৰচাৰ। বুধবাৰে ফণীভূষণ চৌধুৰীয়ে বৰপেটাত ১৭ খন সভাত অংশ লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ফণীভূষণ চৌধুৰীয়ে সৰু সৰু সভাৰ জৰিয়তে তেও ৰাইজৰ কাষ চাপিব বিচাৰিছে বুলি মন্তব্য কৰে । জনসম্পৰ্ক গঢ়াৰ কৌশল হিচাপে সৰু সৰু সভাত গুৰুত্ব দিয়া হৈছে বুলিও তেঁও প্ৰকাশ কৰে।


ইপিনে কয় যে ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো যিদৰে বিচাৰিছে , বৰপেটা লোকসভা সমষ্টিতো তেওঁলোকৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজয়ী হোৱাটো বিচাৰিছে। সেয়েহে তেওঁ ৰাইজৰ স্বত:স্ফূৰ্ত সহাৰি লাভ কৰিছে । সাংসদ নিৰ্বাচিত হ’লে তেও ৰাইজৰ সৈতে মত বিনিময় কৰি বৰপেটাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধানৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে । ইপিনে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ফণীভূষণ চৌধুৰীৰ পকেট নাই বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰীয়া ফণীভূষণ চৌধুৰীৰ ৷ ফণীভূষণ চৌধুৰীৰ মন্কব্য— ভোটাৰ ৰাইজ বৰ্তমান অত্যন্ত সজাগ আৰু সচেতন। টকাৰে এতিয়া ভোট কিনিব নোৱাৰি। মই ৮ বাৰৰ বিধায়ক ৷ এই ৮ বাৰ নিৰ্বাচনৰ সময়তো মই পকেট ব্যৱহাৰেই কৰা নাই ৷ মই নিৰ্বাচনৰ নামত এক পইচাও খৰচ কৰি পোৱা নাই ।আৰু এইবাৰো সাংসদ নিৰ্বাচনত মই এক টকাও খৰচ কৰা নাই আৰু মোৰ পকেটৰ পৰা এটকাও খৰচ নকৰো৷ জনবলতো আছেই ৷ তাৰমাজতে ৰাইজেই মোক সহায় কৰিছে ৷এতিয়া টকাৰে ভোট কিনিব নোৱাৰি ৷আজিৰ দিনত ৰাইজ ইমান দূৰ্বল নহয়যে তেওলোক টকাত বিক্ৰী যাব৷


৩০/৪০ বছৰ পূৰ্বে এইটো আছিল ৷ কিন্তু আজি টকাত ভোট বিক্ৰী কৰা দিন নাই ৷ এয়া কংগ্ৰেছৰ কালচাৰ ৷
তেওলোকে সমৰ্থকসকলকো ধন দিয়ে ৷ মই পইচা দি ভোট নিকিনো ৷ মোৰ পইচা নাই ৷ ৰাইজে মোক সহায় কৰি আছে ৷ ৰাইজে মিত্ৰজোটৰ প্ৰাৰ্থী জন জয়ী হোৱাটো বিচাৰিছে ৷ আমাৰ সমৰ্থক আৰু ভোটাৰসকলেও পইচা নিবিচাৰে আৰু পইচা লৈ ভোট নিদিয়ে ৷

Leave A Reply