Breaking

ধন লাগে, গাৰ্লফ্ৰেণ্ড লাগে! ভগৱান বুদ্ধৰ ওচৰত এজন যুৱকৰ কাতৰ অনুৰোধ

0 88

চীনৰ এজন যুৱকে ২০০০ কিলোমিটাৰ যাত্ৰা কৰি ভগৱান গৌতম বুদ্ধৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, লাউড স্পীকাৰ ব্যৱহাৰ কৰি মনৰ সকলো ইচ্ছা বুদ্ধক জনায়। ৭১ মিটাৰ উচ্চতাৰ বুদ্ধ প্ৰতিমূৰ্তিৰ সন্মুখত যুৱকজনে টকা বিচাৰিছিল আৰু বিচাৰিছিল এগৰাকী ধুনীয়া প্ৰেমিকা। ইয়াৰ লগত জড়িত এটা ভিডিঅ’ চীনৰ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে।

চীনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে বুদ্ধৰ কাণত লাউড স্পীকাৰ ধৰি কয় যে মই প্ৰথমে ধনী হ’ব বিচাৰো।

যুৱকজনে টকাৰ পৰিমাণো অৱগত কৰে। তেওঁৰ ভাষাত “১২ কোটি দিলেই হ’ব।” তাৰ পিছত তেওঁ লগতে কয়, “সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল মোক এগৰাকী ধুনীয়া প্ৰেমিকা লাগে।” অৱশ্যে এই সন্দৰ্ভত যুৱকজন সাৱধান। ভগৱান বুদ্ধৰ ওচৰত তেওঁৰ অনুৰোধ, “গাৰ্লফ্ৰেণ্ডে মোক ১২ কোটি টকাতকৈ বেছি ভাল পাব লাগে।”

২৭ বছৰীয়া যুৱকজনে নিজৰ দুৰ্ভাগ্যৰ বাবে গ্ৰহ-নক্ষত্ৰৰ প্ৰতিকূল অৱস্থাৰ বাবে দোষাৰোপ কৰে। চীনৰ ঝেজিয়াং প্ৰদেশৰ বাসিন্দা যুৱকজনে কয় যে তেওঁ বুদ্ধক প্ৰাৰ্থনা কৰিবলৈ বহু দূৰ যাত্ৰা কৰিছিল যাতে তেওঁ গ্ৰহৰ দুষ্টতাৰ পৰা পৰিত্ৰাণ পায়। নেটিজেনৰ একাংশই কৈছে, “বুদ্ধই যুৱক-যুৱতীৰ কান্দোন শুনিলেনে?”

Leave A Reply