দুলীয়াজান ৰেলৱে ষ্টেচন আৰু টিপলিং সংযোগী পথৰ দৈনিক বজাৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা। তীব্ৰ বেগী নম্বৰ প্লেটবিহীন Huyndai I20 বাহন খনে ডিভাইডাৰত খুন্দিয়াই পথৰ মাজত বাগৰি পৰে। জানিব পৰা মতে নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত থকা আৰোহী কেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

পথছোৱাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নথকাৰ বাবেই প্ৰায়ে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা গাড়ী খনৰ গৰাকী দুলীয়াজানৰ কাষৰীয়া অঞ্চলৰ দুলীয়াগাঁৱৰ।