ICC Champions Trophy 2025: IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ’ল, পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ’ল। ভুল প্ৰমাণিত হ’ল ভাৰত-পাকিস্তানৰ খেলক লৈ কৰা IIT বাবাৰ বাণী। পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই।(ICC Champions Trophy 2025)


চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী হ’ল টীম ইণ্ডিয়া৷ বিৰাট কোহলিৰ অপৰাজিত শতক৷ কোহলিৰ ৫১ সংখ্যক শতকেৰে ভাৰতৰ জয়৷ প্ৰথমে বেট ধৰি ২৪২ ৰানৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানে৷ ৪২.৩ অভাৰত লক্ষ্যত উপনীত টীম ইণ্ডিয়া।বিৰাট কোহলিলৈ প্লেয়াৰ অৱ দ্য মেচ।

দেওবাৰে ডুবাইৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই চেম্পিয়নছ ট্ৰফী খেলখন। দসটোৰ জয়ীৰ পিছতে সকলোৱে অভিনন্দন জনাই টীম ইণ্ডিয়াক।

বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫১টা শতক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৮২টা শতক অৰ্জন কৰিছে। পাকিস্তানৰ বিৰুদ্ধে খেলা এই ইনিংছত বিৰাট কোহলীয়ে ১১১টা বলত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৯০.০৯ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰি ৭ চাৰি ৰান কৰে। এই ইনিংছৰ বাবে বিৰাট কোহলীকো ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা প্ৰদান কৰা হয়, কিয়নো পাকিস্তানে ২৪১ ৰান সংগ্ৰহৰ প্ৰতি সঁহাৰি জনাই ভাৰতে মাত্ৰ ৪২.৩ অভাৰত ২৪৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে।

বৰ্তমান বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ মহান অভিলেখ ভংগ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰিকি পণ্টিঙৰ মহান অভিলেখ ভংগ কৰিছে বিৰাট কোহলীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত বিৰাট কোহলীয়ে এতিয়া ৰিকি পণ্টিংক অতিক্ৰম কৰি তৃতীয় স্থান দখল কৰিছে।

Related Articles