Breaking

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত টিম ইণ্ডিয়াৰ চূড়ান্ত বেটিং ব্যৰ্থতা

0 2,038

টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাতটো পৰাস্ত হ’ল ভাৰত । ছেমি ফাইনেলৰ আশাত প্ৰায় চেচাঁপানী পৰিল কোহলী বাহিনীৰ।

দেওবাৰে টচত জিকি নিউজিলেণ্ডে লৈছিল প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত । মেচখনৰ বাবে ভাৰতে কিছু সলনি কৰিছে ৰণনীতি। ১৪.৩ অভাৰতে নিউজিলেণ্ডে ১১১ ৰান কৰি পৰাস্ত কৰে ভাৰতক। মেচখনত মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ভাৰত। ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত ৮ উইকেটত জয়লাভ কৰিলে নিউজলেণ্ডে। মেচখনত চূড়ান্ত ভাবে ব্যৰ্থ হয় ভাৰতৰ সকলো টপ অৰ্ডাৰ বেটচমেন। ভাৰতৰ হৈ সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙত নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১০ ৰান।

Leave A Reply