ICC Women’s World Cup: গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপৰ ৪খন খেল

গুৱাহাটীত অনুষ্ঠিত হ’ব (ICC Women’s World Cup)আই চি চি মহিলা বিশ্বকাপ ২০২৫১ চাৰিখন খেল৷বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত জ্জ অক্টোবৰ [৩ বজাত] ইংলেণ্ড বনাম বাংলাদেশৰ পৰা আৰম্ভ হ’ব চাৰিখন লীগ মেচ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫১ খচৰা সূচী উন্মোচন কৰি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিশ্চিত কৰে৷ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত জ্জ অক্টোবৰ [৩ বজাত] ইংলেণ্ড বনাম বাংলাদেশৰ পৰা আৰম্ভ হ’ব চাৰিখন লীগ মেচ৷ ১১ অক্টোবৰত ইংলেণ্ডে পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব৷ আনহাতে, স্থানীয় অনুৰাগীৰ বাবে আকৰ্ষণীয় দিশ হ’ব ২৩ অক্টোবৰত নিউজিলেণ্ডৰ সৈতে ভাৰত মুখামুখি হোৱাটো৷ ২৬ অক্টোবৰত [ৰৰ১১ বজাত] গুৱাহাটীৰ অন্তিমখন লীগ মেচ হ’ব ইংলেণ্ড বনাম নিউজিলেণ্ড৷

তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীতো ২৯ অক্টোবৰত প্ৰথমখন ছেমি ফাইনেল আয়োজন সাজু হৈ আছে যদিও পাকিস্তানে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেহে সেয়া হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতীয় অনুৰাগীসকলে নিজৰ দলটোক পুনৰ চোৱাৰ সুযোগ পাব পাৰে, যদিহে ভাৰতে গ্ৰুপ পৰ্যায়ত শীৰ্ষ বা চতুৰ্থ স্থানত অন্ত পেলায়৷ অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাত আয়োজক ভাৰতে বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই ৰ অক্টোবৰত ইন্দোৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ চ্ছ অক্টোবৰত ৰাউণ্ড ৰবীন পৰ্যায়ৰ সামৰণি পৰে আৰু ২৯ আৰু ৩০ অক্টোবৰত শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব, তাৰ পিছত ২ নৱেম্বৰত বেংগালুৰু বা কলম্বোত ফাইনেল খেলিব৷ পাকিস্তানে ভাৰতত খেলিব নোৱৰাৰ সিদ্ধান্তৰ বাবে কলম্বোক সহ-আয়োজক হিচাপে অন্তৰ্ভুক্ত কৰাটো হাইব্ৰিড মডেলৰ অংশ৷

সমগ্ৰ বেংগালুৰু, গুৱাহাটী, ইন্দোৰ, বিশাখাপট্টনম আৰু কলম্বোত খেল অনুষ্ঠিত হ’ব৷ আইচিচিৰ অধ্যক্ষ জে শ্বাহে উৎসাহ প্ৰকাশ কৰি কয়, ‘সূচী নিশ্চিত কৰাটোৱে কেৱল উত্তেজনাহে গঢ়ি তোলে৷ আঠটা শ্ৰেষ্ঠ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু ষ্টেণ্ডত আৱেগিক অনুৰাগীৰ সৈতে আমি এক অবিস্মৰণীয় প্ৰতিযোগিতা আশা কৰিছো৷’ অংশগ্ৰহণকাৰী দলসমূহ–


ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান৷ গুৱাহাটীৰ মূল খেলসমূহ–
জ্জ অক্টোবৰঃ ইংলেণ্ড বনাম বাংলাদেশ [৩ বজাত]
ৰৰ অক্টোবৰঃ ইংলেণ্ড বনাম শ্ৰীলংকা [৩ বজাত]
২৩ অক্টোবৰঃ ভাৰত বনাম নিউজিলেণ্ড [৩ বজাত]
চ্ছ অক্টোবৰঃ ইংলেণ্ড বনাম নিউজিলেণ্ড [ৰৰ বজাত]
২৯ অক্টোবৰঃ ছেমি ফাইনেল ৰ [পাকিস্তানৰ অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰিব]৷

Related Articles