Breaking

আপৰ এজন নেতাই সাংসদ হিচাপে নিৰ্বাচিত হ’লে দৰমহাৰ টকা ৰাইজৰ চিকিৎসাৰ বাবে খৰচ কৰিব

0 31

সোমবাৰে বিহালীৰ বেদেতী অমিয় ভৱনত আম আদমী পাৰ্টীৰ এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টি কমিটীৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিল্লীৰ পৰা অহা আম আদমী পাৰ্টীৰ নেতা কেপ্টেইন ৰাহুলে ভাষণ প্ৰদান কৰি অহা ২০২৬ চনৰ অসমৰ বিধান সভাৰ নিৰ্বাচনত আপৰ চৰকাৰ বনাবলৈ আহ্বান জনায়।

তেওঁ দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰে কৰা শিক্ষা ব্যৱস্থা, বিনামূলীয়া চিকিৎসা ব্যৱস্থা, চৰকাৰী বিভাগীয় কাম ঘৰতে উপলব্ধ হোৱা কথা উল্লেখ কৰি নিজৰ ভবিষ্যতে নিজে সলনি কৰিব লাগে বুলি কৈ বৰ্তমান দেশৰ বিজেপি চৰকাৰক সমালোচনা কৰে। ভাষণ প্ৰসংগত অসমৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। আম আদমীৰ দলে দিল্লীৰ সমাজ জীৱনৰ আমূল পৰিৱৰ্তন কৰাৰ কথা উল্লেখ কৰে।

আনহাতে শোণিতপুৰৰ সাংসদ প্ৰাৰ্থী তথা ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিচিৰাজ কৌণ্ডিন্যই নিজৰ ভাষণত কয়, ‘মই সাংসদ নিৰ্বাচিত হ’লে দৰমহাৰ টকা নিজৰ ব্যক্তিগত কামত খৰচ নকৰো, দুখীয়াৰ চিকিৎসা সেৱাত খৰচ কৰিম’। মই জনসাধাৰণৰ সেৱা কৰিবৰ বাবেহে আহিছো বুলি কৈ বৰ্তমান তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে জনসাধাৰণৰ বাবে কোনো কাম নকৰিলে আৰু নিজৰ সম্পত্তিৰ পাহাৰ গড়িছে বুলি চোকা সমালোচনা কৰে।

সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লান জোতি হাতীবৰুৱা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি মেহুল বসুমতাৰী, বিশ্বনাথ জিলাৰ কৃষক গোটৰ সভাপতি জীতেন ৰংফাৰ, জিলা সাংগঠিক সম্পাদক নাৰায়ন দিহিংগীয়া, বিশ্বনাথ জিলা মহিলা আপ সমিতিৰ সভানেত্ৰী পল্লৱী বৰা, বিহালীৰ সম্পাদক প্ৰণৱজোতি দাস আৰু বিহালী আপৰ সভানেত্ৰী মণ্জু বৰা উপস্থিত থকা সভাত আৰ্ধ শতাধিক বিজেপি, কংগ্ৰেছৰ সদস্যই আপত যোগদান কৰে।

Leave A Reply