‘মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ’

“মোৰ এখন ফটো ভাইৰেল হ’ল। দলৰ সভাপতি, কলিয়াবৰৰ সাংসদক জনাই মুখ্য মন্ত্ৰীক লগ কৰাৰ ফটো ভাইৰেল হ’ল। তেনে বহু নেতাই মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটো মোৰ হাতত আছে”- এই বক্তব্য সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ। সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ শুকুৰবাৰে বোকাখাতত বিস্ফোৰণ। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত আলি আয়ে লৃগাং উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন মিচিং জনগোষ্ঠীয় গামোচা পিন্ধোৱাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা তৎকালে অপসাৰণ কৰা হৈছিল দাদু টায়েক।

৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱৰ জাননী দিয়া গৈছিল দাদু টায়েলৈ। ইয়াৰ পিছতে সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিজনে বোকাখাতত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ প্ৰতি সুচ্চাৰ হৈ পৰে। শুকুৰবাৰে দাদু টায়েই বোকাখাতত এক সংবাদমেল সম্বোধন কৰি নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গৌৰৱ গগৈয়ে নগাঁৱত ৰকিবুল হুছেইনৰ লুঙীৰ তলত সোমাবলৈ গৈছে। কংগ্ৰেছ কাৰো বাপেকৰ সম্পতি নহয়। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনশনত বহিম। ন্যায় নোপোৱালৈকে যুঁজি যাম। বহুত বাঘা বাঘা নেতাৰ মুখা খুলি আছো।

মুখ্যমন্ত্ৰীক ঘৰুৱা কাৰণতহে লগ ধৰা হৈছিল বুলি বক্তব্য ৰখাৰ লগতে গৌৰৱ গগৈৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি টায়েই কয় যে ভূপেন বৰাই টায়েক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ এই বিপদত গৌৰৱ গগৈৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে তেওঁ। তেওঁ লগতে কয় যে মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ।

Related Articles