যদি হাৰ্ট দুৰ্বল হয় তেন্তে মনটোও দুৰ্বল! বৰ্তমান ডিমেনচিয়াৰ সম্ভাৱনা দুগুণ বৃদ্ধি পাইছে…

স্মৃতিশক্তি দুৰ্বল বা ডিমেনচিয়া আজিৰ সময়ত এটা ডাঙৰ সমস্যা হৈ পৰিছে। ধূমপান, কম শিক্ষা আদি ইয়াৰ বাবে দায়ী বুলি গণ্য কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে স্মৃতিশক্তি দুৰ্বল হোৱা, কথা পাহৰি যোৱা, সিদ্ধান্ত লোৱাত অসুবিধা হোৱা এইবোৰ যেন বয়স বৃদ্ধিৰ কিছুমান সাধাৰণ লক্ষণ। কিন্তু, আপুনি জানেনে যে এই লক্ষণসমূহৰ বাবে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যও দায়ী হ’ব পাৰে!

বিশ্বজুৰি অনুমান কৰা হৈছে যে বৰ্তমান প্ৰায় ৫ কোটি লোকে ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছে। ডিমেনচিয়া মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈয়েই আছে, বিশেষকৈ বয়সস্থ প্ৰাপ্তবয়স্কসকলক ই আক্ৰান্ত কৰে।ডিমেনচিয়াৰ বৈশিষ্ট্য সাধাৰণতে জ্ঞানমূলক ক্ষমতা হ্ৰাস পায়, যিয়ে দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে। ধূমপান, ব্যায়ামৰ অভাৱ আৰু খাদ্যৰ অভাৱ আদি জীৱনশৈলীয়ে মগজুৰ স্বাস্থ্যত প্ৰভাৱ পেলাই। আন আন বিপদজনক কাৰকসমূহৰ ভিতৰত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ যেনে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আদি উল্লেখযোগ্য। মেদবহুলতা আৰু ডায়েবেটিছৰ হাৰ বৃদ্ধি পাইছে, যাৰ ফলত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰ্যালোচনা কৰা বেছিভাগ অধ্যয়নতে উচ্চ ৰক্তচাপ প্ৰধান বিপদজনক কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও সময়ৰ লগে লগে উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণো উন্নত হৈছে।

Related Articles