Breaking

অনিয়মীয়া মাহেকীয়া  হলে মানি চলক এইবোৰ নিয়ম

0 337

১) দৈনিক যোগাসন বা শৰীৰচৰ্চাই হৰমনৰ অসন্তুলনৰ ফলত হোৱা মাহেকীয়া অনিয়মীয়া প্ৰতিৰোধ কৰিব পাৰে৷ যোগাসনে মাহেকীয়াত হোৱা পেটৰ বিষো নিৰাময় কৰিব পাৰে৷

(২) দৈনিক আদা সেৱন কৰিলে মাহেকীয়া সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰ বাবে আদা পানীত উতলাই সেই পানী সেৱন কৰিলে উপকৃত হ’ব পাৰি৷

(৩) কেইটামান ৰঙা জবাফুলৰ পাত পিচি একেৰাহে খালে সুফল পোৱা যায়৷

(8) ডালচেনিয়ে মাহেকীয়া নিয়মীয়া কৰাৰ লগতে পেটৰ বিষ, অত্যধিক ৰক্তক্ষৰণ, বমি আদি ভাব দূৰ কৰে৷ ইয়াৰ বাবে আপুনি ডালচেনি আৰু মৌ মিশ্ৰণ কৰি এগিলাচ গৰম পানীৰ লগত মাহেকীয়া হোৱাৰ প্ৰথম দুদিনত খাব লাগে৷

(৫) মাহেকীয়া অনিয়মীয়াত পেটৰ বিষ হ’লে সৰিয়হ বটি লৈ গৰম কৰি পেটত প্ৰলেপ দিলে বিষৰ উপশম ঘটে৷

(৬) অশোক গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয়৷

৭) মাহেকীয়াৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হ’লে শৰীৰত তেজৰ পৰিমাণ কমিবলৈ ধৰে৷ এনে সময়ত আইৰন আৰু ভিটামিন-C যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিত৷ অধিক চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰা উচিত৷

Leave A Reply