Breaking

যদি আপুনি গাখীৰ খাব নোৱাৰে তেন্তে কেলচিয়ামৰ বাবে এই ৫ টা খাদ্য খাওক…

0 55

আমি সকলোৱে জানো যে আমাৰ হাড় মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহ লেক্ট’জ অসহিষ্ণুতাৰ বলি হয়, অৰ্থাৎ তেওঁলোকে গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী বস্তুবোৰ হজম কৰিব নোৱাৰে।যাৰ বাবে ডায়েৰিয়া, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি কেলচিয়াম বিচাৰে তেন্তে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সলনি আন বহুতো খাদ্য খাব পাৰে। আলমণ্ডত কেৱল স্বাস্থ্যকৰ চৰ্বিয়েই নহয়, ইয়াত কেলচিয়ামো ভাল পৰিমাণত পোৱা যায়। অৱশ্যে উচ্চ কেলৰিও থাকে আৰু ইয়াক এটা সীমাৰ ভিতৰত সেৱন কৰিব লাগে। পোনে পোনে বা তিয়াই থোৱাৰ পিছত খাব পাৰে।

বন্ধাকবি হৈছে এবিধ সেউজীয়া পাতৰ শাক যাৰ কেলৰি কম হোৱাই নহয় কেলচিয়ামৰ পৰিমাণো প্ৰচুৰ। যদি আপুনি একাপ বন্ধাকবি সেৱন কৰে তেন্তে আপুনি দৈনিক প্ৰয়োজনীয় কেলচিয়ামৰ প্ৰায় ২০ শতাংশ লাভ কৰিব। ইয়াক পাচলি বা চালাড হিচাপে খাব পাৰে।

সাধাৰণতে কমলা ভিটামিন চিৰ প্ৰয়োজন পূৰণৰ বাবে খোৱা হয়, কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াত কেলচিয়ামও প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি গাখীৰ খাব নিবিচাৰে তেন্তে কমলা বা ইয়াৰ ৰস খাব পাৰে।

চাৰ্ডিন মাছত কেলচিয়ামৰ লগতে ওমেগা-৩ ফেটি এচিড আৰু ভিটামিন ডিৰ প্ৰচুৰ উৎস থাকে। মধ্যমীয়া আকাৰৰ চাৰ্ডিন মাছ খালে দৈনিক প্ৰয়োজনৰ ৩৫ শতাংশ কেলচিয়াম পোৱা যাব।

Leave A Reply