Breaking

‘ৰেচন কাৰ্ড থাকিলে পাব আয়ুষ্মান কাৰ্ড ! লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা সেৱা – মালিগাঁৱত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্রীৰ…

0 49

‘ৰেচন কাৰ্ড থাকিলে পাব আয়ুষ্মান কাৰ্ড। লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থকা লোকে পাব জীৱন বীমা আৰু দুৰ্ঘটনা বীমা’। মালিগাঁৱত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান ঘোষণা মুখ্যমন্ত্রীৰ।

ৰাজ্য চৰকাৰে আজিৰে পৰা সপ্তাহযোৰাকৈ ৰাজ্যৰ বিভিন্ন স্হানত মন্ত্ৰী , বিধায়ক সকলে অন্তোদয়া আচনিৰ অধীনত চাৰি লাখ টকালৈকে উপাৰ্জন কৰা জনসাধাৰনক নতুনকৈ সংযোজন কৰা ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভনি কাৰ্যসুচী হাতত লৈছে ৷

ৰাজ্য চৰকাৰে নতুনকৈ ৪২,৮৫,৭৪৫ হিতাধিকাৰীক ১০,৭৩,৪৮৯ খন ৰেচন কাৰ্ড প্ৰদান কৰি প্ৰতি মাহে প্ৰতিটো পৰিয়ালক ৩৫ কিলো আৰু প্ৰতিটো অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ৫ কিলোগ্ৰামকৈ চাউল বিতৰনৰ ব্যৱস্হা কৰিছে ৷

সৰুপথাৰতো ৰাজ্য চৰকাৰৰ বিত্ত , মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ , সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্হিতিত সমষ্টিটো ২৬৮৫৭ গৰাকী হিতাধিকাৰী ৮৫০০ খন ৰেচন কাৰ্ড বিতৰনৰ শুভাৰম্ভনি কৰে ৷

Leave A Reply