Breaking

ডায়েবেটিছ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে নেকি, তেন্তে আজিৰ পৰাই এই ৬টা বস্তু খোৱা বন্ধ কৰক…

0 97

যদি আপুনি কেতিয়াও ‘ডায়েবেটিছ’ ৰোগী হ’ব নিবিচাৰে, তেন্তে আজিৰ পৰাই এই ৬টা বস্তু খোৱা বন্ধ কৰক।অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে ডায়েবেটিছ ৰোগৰ সৃষ্টি হয়। সেইবাবেই সকলোৱে নিজৰ খাদ্য স্বাস্থ্যসন্মত ৰাখিবলৈ চেষ্টা কৰা কৰিব লাগে, কাৰণ যিকোনো ধৰণৰ অসাৱধানতাই মৃত্যুৰ আশংকা সৃষ্টি কৰিব পাৰে। আজিকালি দ্ৰুতগতিত বিয়পিবলৈ আৰম্ভ কৰিছে ডায়েবেটিছ ৰোগ। দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ৪২.২ কোটি লোক উচ্চ ব্লাড চুগাৰত আক্ৰান্ত হৈ আছে। ইয়াৰে মধুমেহ ৰোগত প্ৰতি বছৰে ১৫ লাখ লোকৰ মৃত্যু হয়। আনহাতে ভাৰতৰ কথা ক’লে ৮ কোটি লোকে এতিয়াও এই ৰোগৰ সৈতে যুঁজি আছে ৷ আচলতে ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবেই ডায়েবেটিছ ৰোগ হয়। সেইবাবেই সকলোৱে নিজৰ খাদ্য স্বাস্থ্যসন্মত ৰাখিবলৈ চেষ্টা কৰা উচিত, কাৰণ যিকোনো ধৰণৰ অসাৱধানতাই মৃত্যুৰ আশংকা সৃষ্টি কৰিব পাৰে। ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি আপোনাৰ খাদ্যাভ্যাসৰ ভালদৰে যত্ন লোৱা আৰু জীৱনশৈলীত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা। যদি আপুনি নিজকে ডায়েবেটিছ ৰোগৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আজিৰ পৰাই এই খাদ্য সমূহ খোৱা বন্ধ কৰক-

যদি আপুনি ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই খাদ্য সমূহ কেতিয়াও নাখাব-
১) মিঠা পানীয়ঃ আপুনি নিশ্চয় জ্ঞাত যে ডায়েবেটিছ ৰোগীৰ বাবে চেনি বিষতকৈ কম নহয়। এইটোৱেই একমাত্ৰ বস্তু যিটো ডায়েবেটিছ ৰোগীয়ে আটাইতকৈ বেছি পৰিহাৰ কৰিব লাগে। যদি আপুনি এই বিপজ্জনক ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ভুলতেও মিঠা খাদ্য সামগ্ৰী বা পানীয় নাখাব।

২) কৃত্ৰিম মিঠাইযুক্ত কফি: কিছুমান কফি এনেকুৱা যে কৃত্ৰিম মিঠাইৰ লগতে বহুতো ৰাসায়নিক পদাৰ্থ মিহলাই সোৱাদ যোগ কৰা হয়। এনে কফিত কেলৰিৰ পৰিমাণ অতি বেছি। চৰ্বি আৰু কাৰ্বহাইড্ৰেট অতি বেছি। এইবোৰৰ বাবে ডায়েবেটিছৰ লগতে হৃদৰোগৰ আশংকাও হ’ব পাৰে।

৩) হট ডগঃ হট ডগৰ ফলত ডায়েবেটিছৰ আশংকাও হ’ব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে সংপৃক্ত চৰ্বি থাকে আৰু ইয়াৰ লগতে ছডিয়ামো অতি বেছি। এই দুয়োটা বস্তুৱে ডায়েবেটিছ আৰু হৃদৰোগৰ আশংকা সৃষ্টি কৰে।

৪) ভাজি খাদ্যঃ ভজা খাদ্য সামগ্ৰী যেনে ভুজিয়া, কুৰকুৰে, চিপচ আদি পেকেটত বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ এইবোৰ অতিমাত্ৰা খালে ডায়েবেটিছ হ’ব পাৰে।

৫) ফাষ্ট ফুড: হয়, ফাষ্ট ফুড, যিটো আজিৰ যুৱক-যুৱতী আৰু একাংশ বৃদ্ধ লোকেও সেৱন কৰি ভাল পায়। যিহেতু ফাষ্ট ফুডত মাখন আৰু পনীৰ প্ৰচুৰ পৰিমাণে থাকে, গতিকে ইয়াক অতিমাত্ৰা খালে ডায়েবেটিছৰ লগতে হৃদৰোগও হ’ব পাৰে।

৬) চিৰাপ: যদি আপুনি গৰমৰ পৰা সকাহ পাবলৈ বেছিকৈ চিৰাপ খায়, তেন্তে তেনে কৰাটো কম কৰিব লাগে। কাৰণ ইয়াৰ ফলত ডায়েবেটিছৰ আশংকাও হ’ব পাৰে।

Leave A Reply