ৰাজস্থানৰ ৰাজধানী জয়পুৰত আই আই টি বাবা অভয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। অভয় সিঙে হোটেলত থাকি হুলস্থুলৰ সৃষ্টি কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তথ্য লাভ কৰাৰ লগে লগে শিপৰা পাঠ আৰক্ষী থানাই সেই স্থানত উপস্থিত হয়।(IIT Baba)তাৰ পিছত বাবাৰ পৰা উদ্ধাৰ কৰে নিচাযুক্ত দ্ৰব্য গাঞ্জা।
অতি কম পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হৈছে। যিহেতু জামিনযোগ্য অপৰাধ আছিল, সেয়েহে বাবাক সতৰ্কবাণী দি আৰক্ষীয়ে জামিনত মুকলি কৰি দিছিল। ইয়াৰ পিছত বাবাই ছ’চিয়েল মিডিয়াত লাইভ আহি আত্মহত্যাৰ ভাবুকি দিয়ে। আই আই টি বাবা অভয় সিঙে হোটেল পাৰ্ক ক্লাছিকত আত্মহত্যাৰ চেষ্টা চলোৱাৰ তথ্য লাভ কৰে আৰক্ষীৰ কণ্ট্ৰল ৰুমত।
তথ্য লাভ কৰাৰ লগে লগে শিপৰা পাঠ আৰক্ষী থানাই সেই স্থানত উপস্থিত হয়। তাৰ পিছত হোটেলত অভয় সিঙে গাঞ্জাৰ পেকেট এটা উলিয়াই পুলিচক ক’লে যে তেওঁ গাঞ্জা সেৱন কৰিছে। যদি মই মদ্যপান কৰি কোনো তথ্য দিছো তেন্তে মই সেই বিষয়ে অৱগত নহয়। আৰক্ষীয়ে তেওঁৰ পৰা জব্দ কৰে ১.৫ গ্ৰাম গাঞ্জাৰ পেকেট। তাৰ পিছত আটক কৰে বাবাক। আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত অভয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি বাবাই কিয় আত্মহত্যাৰ ভাবুকি দিছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে।
প্ৰয়াগৰাজ মহাকুম্ভ ২০২৫ত বাবাই ছচিয়েল মিডিয়াত বহুত শিৰোনাম দখল কৰিছিল। ইয়াৰ পিছত আজি দেশৰ লোকে অভয় সিঙক আই আই টি বাবা বুলি চিনি পাবলৈ আৰম্ভ কৰিছে। আই আই টি বাবা অভয় সিঙে আই আই টি বম্বেৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল বুলি কৈছিল।

