Breaking

হেলেমৰ ঘাঁহিগাঁৱত বাহনসহ অবৈধ অৰুণাচলী সুৰা জব্দ। আটক এজনক…

0 75

ঘাঁহিগাৱঁৰ বিভিন্ন প্ৰান্তত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ঘাঁহিগাঁও আৰক্ষী। ঘাহিগাঁও আৰক্ষীৰ এটি তহলদাৰী দলে অভিযান চলাই অৰুণাচলৰ বালিজানৰ পৰা ডিপৰা লৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰা টাটা মেজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।

উক্ত নম্বৰ প্লেট বিহীন গাড়ীৰ পৰা ১৮ কাৰ্টন বিভিন্ন ব্ৰেণ্ডৰ হুইস্কী সুৰা জব্দ কৰিবলৈ সক্ষম। সুৰা খিনিৰ আনুমানিক মূল্য ৪৫ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। উক্ত সুৰা খিনি অৰুণাচলৰ বালিজানৰ শ্ৰীৰামৰ পৰা কঢ়িয়াই আনা মেজিক খনৰ চালক ললিত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে । সুৰা খিনি ডিপৰাৰ জনৈক বাপধনৰ বাবে অনা হৈছিল।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰ প্ৰতিবেদন

Leave A Reply