Breaking

অসম-বংগ সীমান্তত সক্ৰিয় অবৈধ গৰু ব্যাৱসায়ী চক্ৰ ।

0 2,033

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰিগাঁওত  বৃহস্পতি বাৰে মাৰহাট থানাৰ টহল দাৰী আৰক্ষীৰ দল এটাই এখন ছুইফ্ট  ডিজেয়াৰ গাড়ীত দুটা বহি:ৰাজ্যৰ গৰু লৈ যোৱা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে বৃহস্পতি বাৰে আবেলি তামাৰহাট থানাৰ আৰক্ষীৰ দল এটাই থানা খনৰ অন্তৰ্গত কাছাৰিগাঁওত টহল দি আছিল । সেই সময়তে পশ্চিমবংগৰ ফালৰ পৰা তামাৰহাট অভিমুখে আহি থকা এ এছ ১৮ এ  ৫৭৮৬  নম্বৰৰ এখন ছুইফ্ট ডিজেয়াৰ গাড়ী দেখা পাই সন্দেহ বশত: আৰক্ষীৰ দলটোৱে  গাড়ী খন ৰখাবলৈ নিৰ্দেশ দিয়ে  । লগে লগে গাড়ী খন ৰখাই চালক জন পলাই যায় । পিছত গাড়ী খনত তালাচী কৰাত গাড়ী খনৰ পাছ ফালৰ  ডিগিত ঠেং বন্ধা অৱস্থাত দুটা গৰু উদ্ধাৰ হয় যদিও এটা গৰুৰ ইতিমধ্যে মৃত্যু হয় । পিছত আৰক্ষীয়ে জীয়াই থকা গৰুটো কাছাৰিগাঁওত থকা খোৱাৰত জমা দিয়াৰ বিপৰীতে মৃত গৰুটোৰ সৈতে ছুইফ্ট গাড়ী খন থানালৈ লৈ যায় । উল্লেখযোগ্য যে অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা অবৈধ গৰু ব্যাৱসায়ী চক্ৰই  বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু আনি অসম-বংগ সীমান্তৰ গংগাধৰ নদী পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত বিভিন্ন  ভিতৰুৱা পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যাৱসায় চলাই আছে ।

Leave A Reply