Breaking

ধনশিৰি নদীত অবৈধ বালি খনন

0 2,056

নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ধনশিৰি নদীৰ পৰা অবৈধ ভাবে বালি খননকাৰ্যত ব্যৱহৃত   উন্নত প্ৰযুক্তিৰ কেইবাটাও মটৰ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে।গত দহ দিনৰ ভিতৰত মুঠ সাতটা মটৰ জব্দ কৰে নুমলীগড় খণ্ড বন বিভাগে। উল্লেখ্য যে ধনশিৰি নদীৰ বালিক কালিয়নী, দৈগ্ৰোং নদীৰ বালি বুলিয়ে ৰাজ্য খনৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়, শিৱসাগৰ , যোৰহাট আদিত এচাম বালি মফিয়াই বিক্ৰী কৰি আহিছে।উক্ত বালি মাফিয়াই ধনশিৰি নদীৰ লগতে গেলাবিল নদীতো অবৈধ বালি খনন অব্যাহত ৰাখিছিল৷ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কামতো অবৈধ বালি ব্যৱহাৰ হৈ থকাৰ গুৰুত্ব অভিযোগ পোৱা গৈছে।অবৈধ বালি খননত বন বিভাগৰ লোক জড়িত হোৱাৰ অভিযোগ উঠিছে।

Leave A Reply