Breaking

অবাদ সাৰত চলিছে অবৈধ বালিৰ ছেন্ডিকেট

0 2,261

অবাদ সাৰত চলিছে অবৈধ বালিৰ ছেন্ডিকেটচম্পাবতী নৈৰ পৰা বালি খননেৰে চলাইছে ৰমৰমীয়া বেহাবহলপুৰ বন বিষয়াক মেনেজ কৰি গঢ়ি উঠিছে বৃহত ছেন্ডিকেটN. C. DAS and COMPANY য়ে চলাইছে এই ছেন্ডিকেটধুবুৰী জিলাৰ সীমান্তবর্তী বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ নিচেই ওচৰৰত থকা চম্পাৱতী নৈৰ পৰা N. C. Das and Company ৰ ছাইড মেনেজাৰ আনোৱাৰ হুছাইন আৰু ছাইড ইনচার্জ ৰমেন লহকৰে বহলপুৰ আঞ্চলিক বন বিষয়াক মেনেজ কৰি চলাই গৈছে এনে অবৈধ বালিৰ ছেন্ডিকেট। অবৈধ ভাবে বালি খনন কৰি থকা অৱস্থাত ৰাইজে এখন AS01GC 9563 নম্বৰৰ জেচিবি আৰু এখন AS01BC 7375 নম্বৰৰ ডাম্পাৰ জব্দ কৰি বন বিভাগক গতাই দিয়া দেখা যায় । উল্লেখ্য যে N. C. Das and Company ৰ উক্ত বিষয়া দ্বয়ৰ এনে অবৈধ কাৰবাৰৰ বিৰুদ্ধে ৰাইজৰো আছে অনেক অভিযোগ । যি সময়ত ছেন্ডিকেটৰ বিৰুদ্ধে অসমৰ স্বয়ং মুখ্যমন্ত্রীয়ে বাৰংবাৰ কঠোৰ সকিয়নি প্ৰদান কৰি আহিছে সেই সময়ত বহলপুৰ চ্ম্পানৈৰ বালি খননৰে চলাই অহা ছেন্ডিকেটৰ বিৰুদ্ধে বন বিভাগে কি ব্যবস্থা গ্রহণ কৰে সেয়া সময়ত হে কব পৰা যাব । 

Leave A Reply