Breaking

বৰপেটাৰোডৰ গোৱৰ্ধনাত চৰকাৰী ভূমিত অবৈধ দোকান উচ্ছেদ

0 2,040

 ৰাজ্যৰ মুখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোটৰ  চৰকাৰে ৰাজ্যৰ চুকে কোণে একাংশ লোকে বহু বছৰ ধৰি চৰকাৰী ভৃমিত অবৈধ ভাৱে ঘৰ,দোকান পোহৰ নিৰ্মাণ কৰি আহিছিল তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।ৰাজ্যৰ জিলা সমূহৰ প্ৰসাশনে বাৰম্বাৰ জাননী নিৰ্দেশ জাৰি কৰিছিল ঘৰ,দোকান পোহাৰ আদি ভাঙিবলৈ কিন্তু  এনে চৰকাৰী নিৰ্দেশক আওকাণ কৰাৰ বাবে ৰাজ্যৰ জিলা প্ৰসাশন সমূহে বাধ্য হল উচ্চেদ অভিযানৰ কাম অব্যাহত ৰাখিছে।ঠিক অনুৰূপ ধৰণে নামনি অসমৰ বাণিজ্যিক প্ৰধান বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাত জেচিবি  লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বৰপেটাৰ জিলাৰ গোৱৰ্ধনা চক বজাৰত থকা প্ৰায় ৫৫ খনকৈ সৰু বৰ পকী দোকান৷গোৱৰ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত ল অবৈধভাবে দখল কৰি থকা দোকান পোহাৰত চলায় এই উচ্ছেদ অভিযান৷উল্লেখ্য যে গোৱৰ্ধনাত থকা এই  ৫৫ খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰপেটা জিলাৰ বৰনগৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে৷আজি ৰাতিপুৱা প্ৰায় ১০ বজাৰ পৰা আৰক্ষী-চি,আৰ,পি,এফ বাহিনীৰ সহযোগত চলে এই উচ্ছেদ অভিযান৷উচ্ছেদিতৰ অভিযোগ,স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান৷উচ্ছেদৰ জাননীত  মানাহৰোড ভূমিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল।

Leave A Reply