Breaking

গৰুৰ অবৈধ সৰবৰাহঃ শোণিতপুৰৰ টুমুকিত গৰু সৰবৰাহ কৰা বাহনৰ খুন্দাত আহত প্ৰাক্তন সেনা বিষয়া…

0 35

ৰাজ্যজুৰি গৰুৰ অবৈধ সৰবৰাহ নিষিদ্ধ হৈ থকাৰ সমান্তৰাল ভাবে শোণিতপুৰত চোৰাংভাবে সৰবৰাহ হোৱা গৰু মাজে সময়ে আৰক্ষীয়ে জব্দ কৰিলেও জিলাখনৰ মাজেৰে বৰ্তমানেও গৰুৰ এনে চোৰাং সৰবৰাহ অব্যাহত আছে৷আনকি প্ৰয়োজনীয় চৰকাৰী নথিপত্ৰ অবিহনেই গৰু সৰবৰাহ কৰা বাহনে সাধাৰণ লোকৰ জীৱনলৈ সংশয় কঢ়িয়াই আনিছে৷যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী টুমুকীত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত তেজপুৰৰ দিশৰ পৰা মংগলদৈ অভিমুখে তীব্ৰ গতিত যোৱা এখন গৰু সৰবৰাহ কৰা বাহনে বিপৰীত দিশৰ পৰা অহা এখন বাহনক তীব্ৰ গতিত খুন্দামাৰে৷দুৰ্ঘটনাটোত আনখন বাহনৰ দুজন আৰোহী আহত হোৱাৰ বিপৰীতে গৰু সৰবৰাহ কৰা বাহনখনৰ চালক আৰু সহযোগীয়ে পলায়ন কৰে৷উল্লেখযোগ্য যে,আঠটা গৰু কঢ়িয়াই অনা এএছ১৩এচি২০৩২ নম্বৰ বাহনখনে এএছ১২জেদ০৪৯৪ নম্বৰ বাহনখনক মুখামুখি ভাবে খুন্দা মাৰে৷টুমুকীৰ এটা পেট্ৰল ডিপ’ৰ সন্মুখত হোৱা এই দুৰ্ঘটনাত তেজপুৰ অভিমুখী বাহনখনৰ আৰোহীদ্বয় প্ৰাক্তন সেনা বিষয়া ৰত্নেশ্বৰ মেধি আৰু তেওঁৰ সহায়ক সঞ্জু ওৰাং আহত হয়৷ইপিনে দুৰ্ঘটনাস্হলীৰ পৰা স্হানীয় বিহুগুৰি আৰক্ষী চকীলৈ দূৰত্ব যথেষ্ট হোৱাত গৰু কঢ়িয়াই অনা বাহনৰ চালক আৰু সহায়কে পলায়ন কৰে৷

পাছত বিহগুৰি আৰক্ষীয়ে গৰু সহ বাহনখন জব্দ কৰাৰ বিপৰীতে আহতদ্বয়ক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কৰা হয়৷প্ৰনিধানযোগ্য যে ৰাষ্ট্ৰীয় পথৰ পৰা বহু ভিতৰত অৱস্হিত বিহগুৰী আৰক্ষী চকীত বিষয়াসহ প্ৰায় ১৬জন আৰক্ষীৰ লোক আছে আৰু বান্দৰমাৰীলৈকে এটা বৃহৎ অঞ্চল তেওঁলোকৰ দাযিত্বত আছে৷এনে অৱস্থাত ৰাষ্ট্ৰীয় পথত যিকোনো ঘটনা সংঘটিত হ’লে আৰক্ষী শীঘ্ৰেই উপস্থিত হোৱাত সমস্যা হয়৷জব্দকৃত গৰু জাক বৰ্তমানেও আৰক্ষীৰ জিন্মাতে আছে৷

Leave A Reply