ওৰাং, মাজবাট, ৰৌতাত প্ৰতিদিনে ২০লাখ টকাৰ অবৈধ ব্যৱসায়

বছৰ বছৰ ধৰি দিনে নিশাই  জিলা  প্ৰশাসন আৰু আৰক্ষী আবকাৰী বিভাগৰ উদ্যোগত ওদালগুৰি জিলাৰ সমগ্ৰ ওৰাং ,মাজবাট, ৰৌতা আদি   অঞ্চল সমূহত বছৰ বছৰ ধৰি ব্যাপক হাৰত এণ্ডিং , চু লাই ,মদ ,জুৱা,ভাং ,তীৰ ফটিকা , চোৰাং কাৰবাৰ অবৈধ অসামাজিক কাম আদিৰ মুকলি বেহা বেপাৰৰ স্থানীয় পৰিবেশ ধ্বংস কৰিছে আৰু ইয়াৰ অৰ্থ সামাজিক শৈক্ষিক কলা  সাংস্কৃতিক  বাতাবৰণ প্ৰদূষিত  কৰাৰ লগতে অঞ্চল সমুহৰ নৱ প্ৰজন্মৰ জীৱন ওপৰত কু – প্ৰভাৱ  পৰিবলৈ  আৰু ভবিষ্যত অন্ধকাৰ হবলৈ ধৰিছে |  নানান ধৰণৰ কুটাঘটমূলক   কায্যকলাপ ৰ জৰিয়তে  সহজলভ্য জীৱন কটাই এণ্ডিং  তীৰ ,জুৱা, লটাৰী খেলৰ  ব্যৱসায়ী সকলক অধিকাংশ যুৱক যুৱতী , কিশোৰ কিশোৰী , শিশু , আনকি  একাংশ জাতীয় সংগঠনৰ নেতা ,  পালি  নেতা , যুৱ ছাত্ৰ , বিষয়ববীয়া আদি সকলে  এণ্ডিং , তীৰ , জুৱা, লটাৰী আদি  খেলৰ ব্যৱসায়ৰ  প্ৰতি যথেষ্ট আকৃষ্ট উৎসাহিত হোৱাৰ ফলস্বৰূপে  সামাজিক বিশৃংখলতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে । বৰ্তমান এইবোৰ অবৈধ , অসামাজিক , কুটাঘাটমূলক  কায্যাকলাপে  চুড়ান্ত সীমাকো অতিক্ৰম কৰিবলৈ লৈছে । জিলা উপায়ুক্ত , মহকুমা, আৰক্ষী  প্ৰশাসন বিভাগ , বিভাগীয়  কতৃপক্ষই  সমুহৰ লগতে একাংশ দুষ্কীকাৰীয়ে জিলা খনৰ  সকলোবোৰ অঞ্চল সমূহৰ লগতে পাৰ্শ্ববৰ্তী গাঁও,নগৰ, চহৰ, এলেকা সমূহতো অবৈধ  কাৰ্য্য কলাপ অৰ্শনিশে প্ৰচলন যে অধিক ভয়াবহ ৰূপ লোৱাৰ উপৰিও ইয়াৰ জনমানসত  তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি  হৈছে । উপায়ুক্ত আৰক্ষী অধীক্ষকক কমিচন দিয়াৰ নামত এণ্ণ্ডিং ,তীৰ ,জুৱা, লটাৰী , চোৰাং ব্যৱসায়- বাণিজ্য ৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ টকা দাবী , সংগ্ৰহ কৰি আহিছে । তৎসন্তেও উপায়ুক্ত , আৰক্ষী অধীক্ষকক , মহকুমা ধিপতি  , মহকুমা আৰক্ষী বিষয়া, জিলা মহকুমা আবকাৰী বিষয়া সকলে সম্প্ৰতি কুম্ভ কৰ্ণৰ নিদ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে।

Related Articles