নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত মো:মতিউৰ ৰহমান নামৰ এজন লোকে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে অবৈধ কাঠফলা মিলটো উৎখাত কৰে। এই অভিযানত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক প্ৰভাত বৰা,প্ৰভাত বৰুৱা লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

