চৰকাৰে ৰাইজৰ বাবে কৰা উন্নয়নৰ জয়ঢোল বজায় চৌদিশে ৰজনজনাই তোলাৰ সময়তে দলঙৰ আভাৱত নদী পাৰ হ’লে ৰাইজে ধন ভৰিব লগীয়া হোৱাৰ ঘটনাই উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দেখুওৱা বুলি ক’ব খোজে।অভিযোগ অনুসৰি দৰঙৰ ছিপাঝাৰৰ সানোৱা গাঁৱৰ সমীপৱৰ্তী ১ নং ধলপুৰ সংযোগী পথত থকা নদীত পাৰ হ’লে আজিও ভৰিব লাগে ধন।জানিব পৰা মতে মানুহ- বাইক ইপাৰ-সিপাৰ হ’লে দিব লাগে ৩০ টকা।এজন মানুহ পাৰ হ’লে দিব লাগে ৫ টকা। বয়-বস্তু পাৰ কৰালে দিব লাগে অতিৰিক্ত ধন।কথা হ’ল চৰকাৰে যি সময়ত ন-ন ফ্লাই অ’ভাৰ, আৰ চি চি দলং নিৰ্মাণ কৰি চমক দিব বিচাৰিছে তেন্তে সময়তে দলঙৰ অভাৱত নদীত পাৰ হ’লে ধন ভৰিব লগীয়া হোৱাৰ ঘটনাই চৰকাৰৰ উন্নয়নৰ ফোপোলা ছবিখন স্পষ্ট কৰিছে বুলি অভিযোগ উঠিছে।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৰুণাচলৰ মিছ ইণ্ডিয়া ফাইনেলিষ্ট, টেংগাম চেলিন কোয়ু, চিএইচএফৰ সৈতে হাত মিলাইছে
- ২২ মে’ আজি আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ দিৱস…
- বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ
- বিল গেটছে প্ৰকাশ কৰিছে তেওঁৰ দৈনিক স্মাৰ্টফোন হিচাপে কোনটো ফোন ব্যৱহাৰ কৰে
- উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতি চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য দিয়া হ’ব
- পাকিস্তানে ভাৰতৰ ইন্ধনৰ মূল্যৰ হ্ৰাসক প্ৰশংসা কৰি কৈছে যে মোডী চৰকাৰৰ পৰা পাকিস্তানে বহুতো শিকিব লাগীয়া আছে
- তেণ্ডুলকাৰ, ধোনী আৰু বিৰাট কোহলীয়ে ২০২১ চনত ভাৰতৰ শীৰ্ষ ১০ জন সৰ্বাধিক উপাৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাৰ মুৰব্বী
- আকন উদ্ভিদৰ উপকাৰিতা বিষয়ে জানক…
- এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া, গুৱাহাটীত উষ্ম আদৰণি
- মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও