Breaking

ওদালগুৰি জিলা সাহিত্য সভাৰ ৫৩ সংখ্যক বিষ্ণুৰাভা দিৱসৰ স্থগিত কাৰ্যসূচী ৰূপায়ণ

0 1,565

কৌপাতী সাহিত্য সভাৰ উদ্যোগত যোৱা ২০ জুনত ওদালগুৰি জিলা সাহিত্য সভাৰ ৫৩ সংখ্যক বিষ্ণুৰাভা দিৱসটি উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও অনাকাংক্ষিত প্ৰাকৃতিক দুৰ্যোগৰ বাবে সেই কাৰ্যসূচী স্থগিত কৰা হৈছিল৷উক্ত কাৰ্যসূচী পুনৰ ১৬ জুলাইত কৌপাতী সাহিত্য সভাৰ উদ্যোগত স্থগিত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচী মতে দিনৰ ১১:৩০ বজাত আৰম্ভ হোৱা মুকলি সভাত জিলা সম্পাদক ড° পৱিত্ৰ শৰ্মাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে জিলা সভাৰ সভাপতি হৰেশ্বৰ কলিতা দেৱে৷ কৌপাতী সাহিত্য সভাৰ শিশুশিল্পী বৃন্দই পৰিবেশন কৰা উদ্বোধনী গীতেৰে মঞ্চ মুকলি কৰা হয়৷ ইয়াৰ পূৰ্বে স্থানীয় বেণ্ডপাৰ্টী দল এটিৰ দ্বাৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটি পৰিবেশনেৰে সভাসদক মনোৰঞ্জন আগবঢ়োৱা হয়৷পিছত সভা উদ্বোধন কৰে কৌপাতীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা আৰতি ফুকনে৷ নিৰ্দিষ্ট বক্তা হিচাবে বিষ্ণুৰাভা দেৱৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰাসংগিকতাৰ বিষয়ে বক্তব্য দাঙি ধৰে টংলা মহাবিদ্যালয়ৰ অৱসৰী কৃতী অধ্যাপক তথা গল্প সাধনা বঁটা প্ৰাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱে৷সভাত ওদালগুৰি জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা তিনিখন গ্ৰন্থৰ শুভ উন্মোচন কৰা হয়৷ প্ৰথম খন গ্ৰন্থ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বিষয়া নগেন্দ্ৰ মোহন ভট্টাচাৰ্যদেৱৰ ভ্ৰমণ কাহিনী ’পাপ’টৈ ইত্যাদি’ উন্মোচন কৰে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰখা জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱে৷ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুনুৰাম কলিতাদেৱে ৰচনা কৰা দ্বিতীয় গ্ৰন্থ সেন্দুৰৰফোট (উপন্যাস )আৰু তৃতীয়খন গ্ৰন্থ ‘আদৰ্শ কৃষক বংশীধৰ কলিতা’ (জীৱনীমূলক) গ্ৰন্থদুখন উন্মোচন কৰে ক্ৰমে দলগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰ চন্দ্ৰ নাথ আৰু ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতাদেৱে৷

সভাত দুখনকৈ ‘পত্ৰিকা’ও উন্মোচন কৰা হয়৷ আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা পত্ৰিকাখনি উন্মোচন কৰি জিলা সভাক ধন্য কৰে তেজপুৰ নিবাসী সমাজকৰ্মী ভানু হাজৰিকাই৷বামুণজুলি সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা দ্বিতীয়খন পত্ৰিকা সভাতেই উন্মোচন কৰা হয়৷ উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰণীধৰ মেধিদেৱে৷সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ ২৬ খনকৈ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়৷ তাৰে ভিতৰত উল্লেখযোগ্য আছিল কৌপাতী সাহিত্য সভাৰ সভাপতি ইতিপূৰ্বে আজীৱন সভ্য নৰেশ্বৰ দাসদেৱৰ ‘শুভানুধ্যায়ী সভ্য’ ৰ স্বীকৃতি পত্ৰখন৷ উল্লেখযোগ্য যে ওদালগুৰি জিলাত আজিপৰ্য্যন্ত আজীৱন সভ্যৰ সংখ্যা হৈছে ১৩১৪ গৰাকী৷ ২০২০-২০২২ বৰ্ষত ইয়াৰ সংখ্যাটো হৈছে ৪৩৬ জন৷

সভাৰ সভাপতি হৰেশ্বৰ কলিতাদেৱক অসম সাহিত্য সভাই ওদালগুৰিস্থ ‘মংগলচণ্ডী ব্ৰহ্ম ভাষা সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰ’ত চলি থকা পৰীক্ষাৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া বাবে তেওঁ সভাৰ মাজতে সভাপতিৰ দায়িত্ব জিলা উপসভাপতি আদিত চন্দ্ৰ কলিতা দেৱৰ হাতত অৰ্পণ কৰে৷ সুন্দৰ উদ্যোগ গ্ৰহণ কৰি জিলা সভাক আতিথ্য প্ৰদান কৰা বাবে কৌপাতী সাহিত্য সভাক এখনি ‘ওলগণি পত্ৰ’ৰে ওলগ জনোৱা হয়৷শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সফল সামৰণি মৰা হয়।

Leave A Reply