Breaking

নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ: পথ অৱৰোধ , ধৰ্ণাৰে উত্তাল নাজিৰা

0 1,059

সম্প্ৰতি পেট্ৰ’ল – ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামে জনগণক ত্ৰাহীমধুসুধন সোধাই জুৰুলা কৰি তুলিছে । জনগণৰ লগতে বিভিন্ন দল – সংগঠনৰ ৰাজপথৰ প্ৰতিবাদেও জগাব পৰা নাই শাসক পক্ষক । তেনে পৰিপ্ৰেক্ষিত্বত সমগ্ৰ অসমতে অব্যাহত থকা ধাৰাবাহিক প্ৰতিবাদৰ অংশ স্বৰূপে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত বিক্ষোভ – প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মহকুমাটোৰ নাজিৰা , জোকতলি , নামতি , শিমলুগুৰি , গেলেকী আঞ্চলিক সমিতিৰ শ শ ছাত্ৰ – ছাত্ৰী সমবেত হৈ ৰাজপথ অৱৰোধৰ লগতে ” বজাৰত লাগিছে জুই – বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ আছে শুই , যোগান মন্ত্ৰী মুৰ্দাবাদ , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হাই হাই , বি জে পি গ’ বেক  , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰৰ কাম নাই “আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনীৰে উত্তাল কৰি তুলে নাজিৰা মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ আকাশ – বতাহ ।

মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অনাগত সময়ত বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ বিৰোধী তীব্ৰ গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে ছাত্ৰ সন্থাৰ বিষয় – ববীয়াই ।

Leave A Reply