Breaking

চাবুৱাত ‘ অসম দৰ্শন ‘ আঁচনি ৰূপায়ন

0 2,392

অসম চৰকাৰে ৰাজ্যৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰুপ তথা আসমীয়া জাতিৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম নামঘৰসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনি হৈছে ”অসম দৰ্শন’ আঁচনি। এই আঁচনিৰ আধাৰতে বিগত সময়ত  সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনৰ পৰা নামঘৰ, মদজিদ, মঠ-মন্দিৰ আদিৰ আন্তগাঁঠনি নিৰ্মাণ কৰাৰ দৰে সম্প্ৰতি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰেও একে ধাৰা অব্যাহত ৰাখি ২০২০-২১ বৰ্ষৰ বিত্তীয় সাহায্যৰে  অসমৰ অন্যান্য বিধানসভা সমষ্টিৰ দৰে চাবুৱা বিধানসভা সমষ্টিটো বহুকেইটা নামঘৰ নিৰ্মাণ হৈ আছে।  আজি চাবুৱা বিধানসভা সমষ্টিৰ  বিধায়ক পোনাকণ বৰুৱাই নাদুৱা গাঁও পঞ্চায়তত ৫ টাকৈ নামঘৰত  উল্লেখিত আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি পঞ্চায়তটোৰ আটাইকেইটা নামঘৰতে মায়ামৰা ধৰ্মীয় পৰম্পৰাৰে মাংগলিক ভাৱে অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখ্য , প্ৰতিটো নামঘৰৰ উন্নয়নৰ বাবে ২,৫০,০০০ .০০ টকাৰ পুঁজি প্ৰদান কৰিছে নামঘৰ পৰিচালনা সমিতিসমূহক। ৰাজ্য চৰকাৰৰ এনে  ব্যতিক্ৰমী আৰু ইতিবাচক পদক্ষেপে অসমীয়াৰ ধৰ্মীয় সমাজখনৰ ভেঁটি অধিক টনকীয়াল কৰাত উল্লেখনীয় ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে বিধায়ক বৰুৱাই। ডিকম পঞ্চায়তৰ নাদুৱা গ্ৰাণ্ট গাঁও নামঘৰ, হাতীগান্ধৈ ফুলাম নামঘৰ, নাদুৱা গাঁও পশ্চিম নামঘৰ, তিয়ঁহজলীয়া চুবুৰী নামঘৰত আধাৰশিলা স্থাপন তথা কামৰ শুভাৰম্ভ কৰাৰ সময়ত বিধায়ক গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে গ্ৰাম্যাঞ্চলৰ নামঘৰ সমূহ সৰ্বাংগ সুন্দৰ হৈ  নামঘৰ সমূহত ধৰ্মৰ আৰু আধ্যাত্মিক চৰ্চাৰে কলা কৃষ্টি সংস্কৃতি বিকাশৰ কাৰণে চৰকাৰখনে কাম ত্বৰান্বিত কৰি থাকিব। ভকত আৰু আইসকল একত্ৰিত হৈ অঞ্চলটোত সুস্থ সামাজিক আৰু আধ্যাত্মিক পৰিবেশ গঢ়  তুলিবলৈ প্ৰয়াস কৰিব লাগিব। তদুপৰি বিধায়কগৰাকীয়ে ২০২০-২১ বৰ্ষত চাবুৱা সমষ্টিটোত ৪০ টা নামঘৰত অসম দৰ্শন আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাইজক অৱগত কৰে। আজি বিধায়ক গৰাকীৰ দিনজোৰা কাৰ্যসূচী সমূহত উপস্থিত আছিল নাদুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী শেৱালী বুঢ়াগোহাঁই ডাঙৰীয়া, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা অঞ্জলী গগৈ, পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ত্ৰিকেন্দ্ৰজিত মাৰাঙ, ডিকম গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তী শৰ্মা, অ গ প চাবুৱা বিধান পৰিষদৰ সম্পাদক নিপুল কোঁৱৰকৈ ধৰি অন্যান্যসকল । 

Leave A Reply