Breaking

বিলাসীপাৰাত কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

0 54

“লোকতন্ত্ৰ বচাওঁ” শীৰ্ষক আলোচ্য বিষয়কলৈ কংগ্ৰেছে বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে সত্যাগ্ৰহ কাৰ্যসূচী। বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা “লোকতন্ত্ৰ বচাওঁ” শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক পৃথিৰাজ ছাথে ঘটায় কেইবাটাও ভয়ঙ্কৰ বিস্ফোৰণ।

অসমত কোনো কালেও এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা নহয়। আনুষ্ঠানিক ঘোষণা AICC ৰ সম্পাদক পৃথিৰাজ ছাথেৰ। অনুষ্ঠানত সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি আৰু মোদীৰ বন্ধু আদানীক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

নেতা গৰাকীয়ে আৰু কয় যে, সম্প্ৰতি দেশৰ গণতন্ত্ৰ বিপদত আছে। চৰকাৰক সমালোচনা কৰিলেই মোদী চৰকাৰে ED, CID, NIA আদি লগাই দিয়ে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মোদীৰ বন্ধু আদানীৰ কথা কৈ চৰম বিপদৰ সন্মুখীন হৈছে। আজি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এই সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে দেশৰ সৰ্ব সাধাৰণ জনতাক মোদী আৰু আদানীৰ সম্পৰ্কৰ কথা বুজাবলৈ নিৰ্দেশ প্ৰদান কৰে।

অনুষ্ঠানত AICC ৰ সম্পাদক পৃথিৰাজ ছাথে, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাহ, দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী প্ৰমুখ্যে পূৱ, পশ্চিম সমষ্টিৰ শ শ কংগ্ৰেছ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

Leave A Reply