গৌৰীপুৰত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “প্ৰভাতফেৰী” কাৰ্যসূচী ৰূপায়ণ…

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত থকা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিদ্যালয় মহাবিদ্যালয়ত ৰূপায়ন কৰা হয় “প্ৰভাতফেৰী” কাৰ্যসূচী ৷

এই কাৰ্যসূচীৰ  লগত সংগতি ৰাখি পুৱা ৭ বজাত আৰম্ভ কৰা সজাগতা শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিদ্যালয় মহাবিদ্যালয় সমূহত ৷ বিদ্যালয় মহাবিদ্যালয় সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীকে ধৰি ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰা এই প্ৰভাতফেৰীয়ে বৃহত্তৰ গৌৰীপুৰ অঞ্চলৰ পানবাৰী, আলমগঞ্জ, ঘেগেৰ আলগা, আশাৰীকান্দি গাওঁত পৰিভ্ৰমণ কৰি “হৰ-ঘৰ- ত্ৰিৰংগা” কাৰ্যসূচী সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰে।

লগতে সমদলত অংশ লোৱা ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন শ্লোগানেৰে অঞ্চলটো মুখৰিত কৰি তোলে। ইফালে,“আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীৰ মাজত চিত্র অংকন, প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Related Articles