আজি গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট ছাত্র সন্থা কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী প্ৰধানকৈ অসম গেছ কোম্পানীৰ দ্বাৰা ঘৰে ঘৰে গেছ যোগান ধৰা , গোলাঘাটত ডি এডিকচেন চেন্টাৰ নিৰ্মাণ কৰা ,বিশুদ্ধ খোৱাপানী যোগান ধৰা , ১৩৫ বছৰ গৰকা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্ত: গাঠনি উন্নীত কৰা , গোলাঘাট নগৰৰ যান-যট ,নলা -নৰ্দমা , পাৰ্কিংৰ ব্যৱস্থাৰ মুঠ ১২ টা মূল সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্র সংগঠনটোয়ে । অতি সোনকালে এই সমস্যা সমূহৰ সমাধান দাবী তোলা ছাত্র সংগঠনটোৱে অনাগত সময়ত গণতান্ত্ৰিক আন্দোলন হুংকাৰ প্ৰদান কৰে।

