ডিব্ৰুগড়ত পথ সুৰক্ষা সজাগতাৰ ওপৰত গুৰুত্বপূৰ্ণ সভা

আজি ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ পথ সজাগতা সভা অনুষ্ঠিত হয়।

এই সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, অতিৰিক্ত উপায়ুক্ত সংঘমিত্রা বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, জিলা পৰিবহণ বিষয়া দেৱজিৎ দত্ত উপস্থিত থাকে।

পথ সুৰক্ষাৰ পঞ্চনীতি মানি চলিবলৈ জিলা পৰিবহণ বিষয়া দেৱজিত দত্তই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই।

আনহাতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও পথ সুৰক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই৷

Related Articles