Breaking

বিজেপি আৰু মিত্রজোঁটৰ সৈতে এক বৈঠকত দলৰ আদৰ্শ সম্পর্কীয় গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা মুখ্যমন্ত্ৰীৰ…

0 84

বিজেপি আৰু মিত্রজোঁটৰ দলসমূহৰ সৈতে এখন বৈঠকত মিলিত হৈ দলৰ আদৰ্শ সম্পর্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দর্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্ৰ মোদীৰ অধীনত যিহেতু অসমীয়াৰ সাংস্কৃতি সমৃদ্ধিক গুৰুত্ব দি এক আৰ্থ-সামাজিক সবলীকৰণ বিষয়ৰ প্ৰচাৰৰ বাবে কাম কৰি আছে, বৈঠকত জনমুখী নীতিসমূহক তৃণমূললৈ লৈ যোৱাৰ কাৰ্যসূচীৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়।

অসমৰ উন্নয়নৰ যাত্ৰাত সকলো শ্ৰেণীৰ লোকক একেলগে আগবঢ়াই লৈ যোৱাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, কেবিনেট সতীর্থ পীযুষ হাজৰীকা আৰু বিজেপি তথা মিত্রজোঁটৰ দলীয় সদস্যসকল বৈঠকত উপস্থিত থাকে।

Leave A Reply