Breaking

মৰাণৰ এখন বিশেষ গাঁৱত লক্ষ লক্ষ বিছাৰ আতংক। আতংকিত গাঁ‌ৱবাসী…

0 83

মৰাণৰ তিনঠেঙীয়াত এতিয়া বিছাৰ আতংক। লক্ষ লক্ষ বিছাৰে ভৰি পৰিছে তিনঠেঙীয়া অঞ্চল। গছ-গছনি, ঘৰ-বাৰী আৰু বিদ্যালয় সকলোতে বিছা। মুঠৰ ওপৰত ক’লা ৰঙৰ বিছাৰ আৱৰণে ঢাকিছে মৰাণৰ তিনঠেঙীয়া এই বিশেষ গাঁৱখন | গাঁৱবাসীয়ে জানিবলৈ দিয়া মতে জেঠ মাহত এই বিছাৰ প্ৰাৰ্দুভাৱ দেখিবলৈ পোৱা যায় গাঁৱখনত । ইয়াৰ পিছতে বিছাবোৰ পকি পখিলা সৃষ্টি হয় । বিছা বিলাকে ৰাইজক বিশেষ অনিষ্ট কৰা নাই যদিও ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । তিনঠেঙীয়া বনাঞ্চলত এই বিছাৰ প্ৰাৰ্দুভাৱ অধিক ।

বনাঞ্চলৰ লগতে মানুহৰ ঘৰ-বাৰী আৰু বিদ্যালয় সমূহতো বিছাৰে ভৰি পৰিছে । অঞ্চলটোত এনে এজোপা গছ নাই, য’ত বিছা নাই । সকলোতে বিছা, গাঁ‌ওবাসীৰ বাবে বিছা সমূহ এতিয়া পৰিচিত । যদিও এদিনীয়া মানুহে এই বিছা দেখি ভয়ত কম্পমান হৈ থাকে । প্ৰকৃতিৰ সৃষ্ট এই বিছা সমূহ কেতিয়া নোহোৱা হ’ব । তাৰ বাবেই বাট চাইছে মৰাণৰ তিনঠেঙীয়াবাসী ৰাইজে ।

Leave A Reply