চৰকাৰৰ বিভিন্ন আচঁনিৰ উপৰি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত সুদক্ষ অভিনেতা উপেন বৰা। নাট-ভাওনাত সুন্দৰ অভিনয়ৰে দৰ্শক ৰাইজৰ মন জয় কৰা আজন্ম শিল্পী উপেন বৰাৰ জীৱন গাথা।

0 1,212

দৈনন্দিন বাৰ্তা ডেস্ক :

নিজৰ সুদক্ষ অভিনয় আৰু নাট-ভাওণাত কাৰুকাৰ্যৰ চমকৰে এটা সময়ত ৰাইজৰ নয়নৰ মণি আছিল উপেন বৰা। নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিৰ ৰঙীয়া গাঁও নিৱাসী উপেন বৰাই “মিনেণ্ডাৰ ভাৰত আক্ৰমণ”, “আলেকজেণ্ডাৰ আৰু পুৰু”, “মুঞ্চি ইকৱাল”, “কালাপাহাৰ”, “উপপথ”, “আগমনি”, “কিয়”, “চত্ৰপতি শিৱাজী”, “আলিবাবা চল্লিশ চোৰ”, “মছজিদ মন্দিৰ”, “দেউতা”কে ধৰি ডেৰ কুৰিখনৰো অধিক নাটকত বলিষ্ঠ অভিনয় কৰি পুৰণিগুদাম অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কেলৱ পুৰণিগুদাম অঞ্চলতেই তেওঁৰ অভিনয়ৰ ক্ষেত্ৰখন সীমাবদ্ধ নাছিল। অভিনয়ৰ বাবে তেওঁ বিভিন্ন ঠাইলৈকো আমন্ত্ৰিত হৈছিল। তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকা কালৰে পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল। পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা স্কুলত পঢ়ি থকাৰ সময়তে বিদ্যালয়ৰ সাহাযাৰ্থে পুৰণিগুদাম বাপূজী হলত “মিনেণ্ডাৰ ভাৰত আক্ৰমণ” নাটকখন মঞ্চস্থ কৰিছিল। সেই নাটকত তেওঁ কৰা অভিনয়ে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। নাটকখনত তেওঁ “ধুমকেতু”ৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰিছিল। সেই নাটকত তেওঁ ধুমকেতুৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰাই ৰাইজৰ মাজত “ধুমকেতু” নামেৰে খ্যাত হৈ পৰিছিল। তেওঁ আশীৰ দশকত জিলা খনৰ চলচলি অঞ্চলত কেইজনমান সংস্কৃতিৱান ডেকাৰ লগ লাগি চলচলি পীতাম্বৰ দেৱগোস্বামী হাইস্কুলৰ সাহাৰ্যাৰ্থে খৰালি বতৰত দুই তিনি দিনীয়াকৈ নাট মঞ্চস্থ কৰিছিল। সেই নাট মঞ্চস্থ কৰিবলৈ অস্থায়ী প্ৰেক্ষাগৃহ মঞ্চসজ্জা, দৃশ্য সজ্জাৰ কাম তেওঁ নিজেই কৰিছিল। মঞ্চ আৰু নাটকৰ মাজতেই জীৱনৰ ছন্দ বিচাৰি পোৱা চহা শিল্পী গৰাকীয়ে জীৱিকাৰ তাড়নাত ১৯৬৩ চনতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল যদিও প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈয়ে ঘৰলৈ গুচি আহি কৃষি কৰ্মত মনোনিৱেশ কৰে। তাৰ পাছত তেওঁ অসম চৰকাৰৰ গৃহৰক্ষী বাহিনীত যোগদান কৰে। নাটক-ভাওনাৰ বাবেই সেই কামতো তেওঁ বেছিদিন টিকি থাকিব নোৱাৰিলে। তেওঁ খাদ্য আন্দোলন, ভাষাৰ মাধ্যম আন্দোলন, বিদেশী বহিষ্কৰণ আন্দোলনতো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা হাইস্কুলত পঢ়ি থকা সময়তে বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত ছৰ্ড ফাইট অৰ্থা তৰোৱাল যুঁজ কৰি বিখ্যাত হৈ পৰিছিল। পিছলৈ জিলা খনৰ বিভিন্ন মঞ্চত এই তৰোৱাল যুদ্ধ জনপ্ৰিয় হৈ পৰে।তৰোৱাল যুঁজ দেখুৱাবলৈ তেওঁ অন্য ঠাইলৈকো আমন্ত্ৰিত হৈছিল। নাম-যশ নিবিচৰা এই এগৰাকী মাটিৰ শিল্পীয়ে গাঁৱত নিবেদন কৰা অসমীয়া ভাওণাতো তাৰকা ৰাক্ষসিনী, দশানন ৰাৱন আদিৰ বলিষ্ঠ অভিনয়ৰ লগতে ৰাৱনে পুষ্পক ৰথেৰে প্ৰৱেশ কৰা, তাৰকা ৰাক্ষসিনীয়ে পাহাৰ বগাই তললৈ নামি অহা আদি দৃশ্য বিশেষ কাৰুকাৰ্যৰ দ্বাৰা কৰি গঞা ৰাইজক তাহানিতেই চমক দিছিল তেওঁ। তেওঁৰ অভিনয় দক্ষতাই গাঁৱৰ নামঘৰৰ ভাঁওনালৈ দৰ্শকক টানি আনিব পাৰিছিল। কিন্তু ওৰেটো জীৱন অসমীয়া নাটক, ভাওনাৰে জড়িত হৈ থাকি অসমীয়া সংস্কৃতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা এই শিল্পী গৰাকী আজি বৃদ্ধ বয়ষত ৰজাঘৰ-প্ৰজাঘৰ ওভয়ৰ দ্বাৰাই চৰম উপেক্ষিত হৈ থাকিব লগীয়া হৈছে। তেওঁ ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন, শিল্পীৰ এককালীন সাহাৰ্য আদিতো নাপালেই জীৱনৰ বিয়লি বেলা চলচলিৰ ৰঙীয়া গাঁৱৰ এটা উৱলি যোৱা জৰাজীৰ্ণ জুপুৰি সদৃশ পুৰণা ঘৰতেই পত্নীৰ সৈতে এক প্ৰকাৰৰ নিঃসংগ জীৱন যাপন কৰিব লগীয়া হৈছে। সীমাহীন দুখ আৰু দৰিদ্ৰতাৰ ভৰত কূজা হৈ পৰিছে আশীৰ উৰ্ধৰ শিল্পী গৰাকী। নিজৰ বাৰীখনৰ তামোল-পান, শাক-পাচলি বিক্ৰী কৰি তেওঁ পেট প্ৰৱৰ্তাৱ লগীয়া হৈছে। অৱশ্যে তেওঁৰ দুই বিবাহিতা জীয়ৰীয়েও সাধ্য অনুযায়ী সহায় কৰি আহিছে। শিল্পী গৰাকীয়ে এটা বাসগৃহৰ বাবে পুৰণিগুদাম গাঁও পঞ্চায়তত বহুবাৰ আবেদন নিবেদন কৰিও এটা ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ কিম্বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল।যাৰ বাবে বতাহ-ধুমুহা আহিলে তেওঁ বিনিদ্ৰ ৰজনী কটাব লগীয়া হয়। শিল্পী গৰাকীৰ তেওঁৰ পত্নীয়েও পেট প্ৰৱৰ্তাবলৈকে তাঁতশালত আনৰ কাপোৰ ব’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। তেখেতে এবছৰ আগলৈকে চলচলি ৰঙীয়া গাঁও বৰ নামঘৰৰ “নামঘৰীয়া” হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দুখ-দৰিদ্ৰতাৰ ভৰত সৰ্বস্বান্ত হ’লেও জীৱন যুঁজত আজিও হাৰ মনা নাই চহা শিল্পী উপেন বৰাই।এতিয়াও অভিনয়ৰ বাবে তেওঁ ব্যাকুল যদিও দেহে নামানে।তেওঁ চৰকাৰৰ পৰা বঁটা বাহন বিচৰা নাই, বিচাৰিছে ৰ’দে বৰষুণে মূৰটো গুজি থাকিব পৰাকৈ এটা বাসগৃহ।বিচাৰিছে কিছু আৰ্থিক সকাহ। এই দুৰ্ভগীয়া শিল্পী জনৰ প্ৰতি সদয় হ’বনে চৰকাৰ? এইয়া এক উত্তৰ বিহীন প্ৰশ্ন।