Breaking

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে।

0 86

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰা
জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছতেই হোজাইৰ কেইবাটাও প্লাৱিত অঞ্চল আজি পৰিদৰ্শন কৰিলে অতুল বৰাই।

উত্তৰ ৰাধানগৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ সৈতেও বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বাবে অত্যাৱশ্যকীয় সকলো সা-সুবিধা নিশ্চিত কৰিবলৈ প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এনডিআৰএফ আৰু এছডিআৰএফ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰি সাহায্য তথা উদ্ধাৰ অভিযানৰ বুজ লয়।
মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন এই বান পৰিস্থিতি সম্পূৰ্ণৰূপে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছে, এই নিশ্চয় বাৰ্তাৰে আজি বানাক্ৰান্ত ৰাইজক এই পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰশাসনকো সহযোগিতা আগবঢ়াবলৈ আহ্বান অতুল বৰাৰ।


এই পৰিদৰ্শনৰ সময়ছোৱাত সহযোগিতা আগবঢ়োৱা হোজাই সমষ্টিৰ বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী শিবু মিশ্ৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে জিলা প্ৰশাসনৰ আন বিষয়াসকল, ভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলক ধন্যবাদ জনালে অতুল বৰাই ।

Leave A Reply