অসমত প্ৰতি পৰিয়ালৰ চাৰি গৰাকী সদস্যৰ এগৰাকী জীৱন ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে…

অসমত প্ৰতি চাৰি গৰাকী পৰিয়ালৰ সদস্যৰ এগৰাকী জীৱন কালত ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে।


(১) প্ৰতিবছৰে বিশ্বজুৰি ১৫ নিযুত লোক ষ্ট্ৰকত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত
পৰে আৰু অন্য ৫ নিযুত লোক জীৱনৰ বাবে অক্ষম হৈ পৰে।

(২) অসমত প্ৰতিবছৰে ৭২,০০০ লোক ষ্ট্ৰ’কত আক্রান্ত হয়।


৩) প্রতি চাৰিগৰাকী ব্যক্তিৰ এগৰাকীৰ জীৱন কালত ষ্ট্ৰ’ক হ’ব পাৰে।

৪) ১০০ শতাংশ ‘কেই প্ৰতিৰোধ কৰিব পাৰি।

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি ‘হাস্পতালৰ দিছপুৰ চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ’ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাবে জীৱন নিৰ্বাহ কৰাৰ লগতে ই কৰ লক্ষণ আৰু কাৰকসমূহ, ইয়াৰ চিকিৎসাৰ বিভিন্ন দিশৰ বিষয়েও অৱগত কৰে। সমগ্ৰ বিশ্বতে ষ্ট্ৰ’ক মৃত্যুৰ এক প্ৰধান কাৰক। যোৱা ৩৭ বছরে ৫০ হাজাৰতকৈও অধিক ষ্ট্ৰ’ক ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাৰে জিএনআৰচি হাস্পতাল সমৃদ্ধ। ষ্ট্ৰকৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ FAST বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ’ল— মুখখন এফালে বেকা হৈ যোৱা (Face Drooping), বাহু দুৰ্বল হোৱা (Arm Weakness), কথা লাগি ধৰা (Speech Slurred) আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call Ambulance)। যোৱা দুটা দশক ধৰি জিএনআৰচি হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ষ্ট্ৰ’কৰ এই লক্ষণসমূহৰ বিষয়ে সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি প্ৰতিবছৰে ১৫ নিযুত লোক ষ্ট্ৰ’কত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু ৫ নিযুত লোকে জীৱনৰ বাবে অক্ষম হৈ পৰে বা পংগুত্বক আঁকোৱালি ল’ব লগা হয়। যোৱা কেবা দশক ধৰি ভাৰতবৰ্ষত ষ্ট্ৰ’কত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে।

উচ্ছৃংখল জীৱনযাপন আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে ক্রমবর্ধমান বয়োবৃদ্ধ লোকৰ বাবেও ভাৰতবৰ্ষত ষ্টকৰ সংখ্যা বাঢ়ি আহিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ভাৰতবৰ্ষত মৃত্যু আৰু পংগুত্বৰ এক প্ৰধান কাৰক ষ্ট্ৰ’ক সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপজ্যোতি দাসে কয়, “আজি বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে আমি সকলোৱে মাৰবান্ধি থিয় হওঁ আহক। আমাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰে জীৱন কালত ষ্ট্ৰক হ’ব পাৰে। এই কথা সঁচাকৈ চিন্তনীয়। সমগ্ৰ বিশ্বজুৰি ২০০ কোটি লোকৰ তেওঁলোকৰ জীৱন কালত ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰে ২০ শতাংশ মৃত্যুমুখত পৰিব পাৰে আৰু ৬০ শতাংশ লোক জীৱনৰ বাবে পংগু হৈ ৰোৱাৰ সম্ভাৱনা থাকে। ষ্ট্ৰ’ক এটা মাৰাত্মক ৰোগ, কিন্তু উচিত সময়ত উপযুক্ত চিকিৎসাৰে ৪ ‘কক বহুলাংশে নিয়ন্ত্ৰণ কৰিব পৰা যায়, যিনো ষ্টক আক্রান্ত রোগী আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সকাহ দিব পাৰে। যিমানেই সাধাৰণ ৰাইজক ‘কৰ লক্ষণসমূহ আৰু চিকিৎসার ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিম সিমানেই বেছিসংখ্যক ৰাইজক আমি ই কৰ পৰা ৰক্ষা কৰিব পাৰিম। যিকোনো সময়তে যিকোনো ব্যক্তিৰে ষ্ট্ৰ’ক হ’ব পাৰে। আমাৰ জীৱনশৈলীৰ কিছুমান সাল-সলনিৰে সহজতে ইবন হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো। সুষম তথা সঠিক ভারসাম্যযুক্ত খাদ্য গ্রহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী বর্জন আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰিলে সহজে ষ্ট্ৰ’ক প্ৰতিহত কৰিব পৰা যায়। তদুপৰি আমি উচ্চ রক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, অনিয়মীয়া হৃদস্পন্দন, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি টু কক বাধা দি ৰাখিব পাৰো প্ৰতিৰোধৰ লগতে সঠিক সময়ত উপযুক্ত চিকিৎসাৰে বহু ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আমাক এখন ষ্ট্ৰ’ক ৰেডী হাস্পতালৰ প্রয়োজন। এখন ষ্টক ৰেডী হাস্পতাল দিনটোৰ ২৪ ঘণ্টাই এগৰাকী ষ্ট্ৰ’ক ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সুবিধাৰে সুসজ্জিত আৰু লগতে প্রয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা সহযোগীৰে সমৃদ্ধ। সমগ্ৰ ভাৰতবৰ্ষতে এনে ষ্ট্ৰ’ক ৰেডী হাস্পতালৰ সংখ্যা খুবেই তাকৰ। উত্তৰ-পূৰ্বাঞ্চলত একমাত্র জিএনআৰচি হাস্পতালেই এখন ষ্ট্ৰ’ক ৰেডী হাস্পতাল য’ত দিনটোৰ ২৪ ঘণ্টাই টুকৰ অত্যাধুনিক চিকিৎসা সম্ভব।”
আজিব এই সংবাদমেলত জিএনআৰচিৰ ইন্টাৰভেনশ্যনেল ৰেডিঅ’লজিষ্ট ডাঃ ফিদৌঁছ আহমেদ, স্নায়ুশলা বিশেষজ্ঞ ডা: ইনামূল হক আৰু ফিজিঅ’থেৰাপিষ্ট শ্রীমতী তৃষ্ণা দত্তও উপস্থিত থাকে আৰু তেওঁলোকৰ স্ট্রাকৰ চিকিৎসাৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।


শেষত ডাঃ ৰূপজ্যোতি দাসে সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দক তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জনায় আৰু কয় যে ৰাইজৰ মাজত ষ্ট্ৰকৰ বিষয়ে সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে এক বৃহৎ অৰিহণা যোগাব। পাৰে। সংবাদ মাধ্যমৰ সহযোগিতাৰে জিএনআৰচিয়ে সমগ্ৰ অসমতে ষ্ট্ৰকৰ জনসচেতনতা কার্যসূচীসমূহ আৰু অধিক ব্যাপক আৰু সফল কৰি তুলিব পাৰিব। সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিব যি উদ্দেশ্য সেয়া এনেধৰণৰ জনসচেতনতা কার্যসূচীয়ে সফল কৰি তুলিব।

Related Articles