Breaking

অসমত ৬২ গৰাকীক হত্যা কৰিছে চৰকাৰে – অখিল গগৈ ! পুঁজিপতিৰ মাটিত নচলে বুলড’জাৰ…

0 58

আৰক্ষীৰ এনকাউন্টাৰক লৈ পুনৰ আক্ৰমনাত্মক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমত ৬২ গৰাকী ব্যক্তিক পৰিকল্পিত ভাবে চৰকাৰে হত্যা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে গগৈয়ে। তেও শিলসাঁকোত প্ৰশাসনে চলোৱা উচ্ছেদক লৈও সমালোচনা কৰে। তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ তেজ শুহি খোৱা বুলি মন্তব্য কৰাৰ লগতে এইখন চৰকাৰে খিলঞ্জীয়াৰ ভূমি কাঢ়ি পুঁজিপতিক গটাই দিয়াৰ বাহিৰে আন কোনো উদ্দেশ্য নাই বুলি মন্তব্য কৰে।

বিধায়ক গৰাকীয়ে আজমল, জিঞ্জাৰ হোটেলত বুলড’জাৰ কিয় নচলে বুলি প্ৰশ্ন কৰি খিলঞ্জীয়াৰ বাবে ১০০ মিটাৰ হোৱাৰ বিপৰীতে পূজিঁপতিৰ বিৰুদ্ধে জোখমাখ অমিল কিবুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে অসমত চলি থকা এনকাউন্টাৰ সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি ইতিহাসে এদিন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে আজি নিয়াৰ আদালতত হাজিৰ হৈছিল বিধায়ক অখিল গগৈ।

Leave A Reply