Breaking

বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত চলাইছে লুন্ঠনৰাজ

0 54

বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে চলাইছে লুন্ঠনৰাজ।নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে গ্ৰাহকৰ পৰা লুটিছে লাখ লাখ টকা।ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ বৰপেটাৰ পাঠিমাৰী জনপ্ৰিয় বজাৰত সংঘটিত হৈছে এই ঘটনা।লুৎফৰ ৰহমান আৰু আজিজুৰ ৰহমান ওৰফে গাঁওবুঢ়া নামৰ এই দুই দালালৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

অভিযোগ মতে বজাৰখনৰ একাংশ দোকানীৰ পৰা বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে সংগ্ৰহ কৰিছে ১০ ৰ পৰা ২০ হাজাৰ টকা।আনকি ব্যাৱসায়ীক(Commercial) সংযোগ দিয়াৰ বিপৰীতে দিছে সৌভাগ্য আঁচনিৰ BPL সংযোগ।কেৱল ইমানেই নহয় একাংশ দোকানত মিটাৰ বিহীন ভাৱে বিদ্যুৎ সংযোগ দি সংগ্ৰহ কৰিছে বৃহৎ ধণ।তদুপৰি এই দুই দালালে বিদ্যুৎ বিভাগৰ বিল সংগ্ৰহকাৰী হিচাপে আই ডি দিয়াৰ নামতো একাধিক লোকৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ ধন।আৰু এই সমগ্ৰ লুন্ঠনৰাজৰ লগত জড়িত আছে ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰী।তেওঁলোকৰ সহযোগতে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি এইদৰে চলাইছে ব্যাপক লুন্ঠন।


উল্লেখ্য যে পূৰ্বে এই দুগৰাকী দালালে মৈৰাদিয়া-খোলাবান্ধা বজাৰৰ একাংশ ৰাইছ মিল,ফাৰ্নিচাৰ দোকান, গেলামাল দোকান আদিত মিটাৰ বিহীন বিদ্যুত সংযোগ দি লাখ লাখ টকা সংগ্ৰহ কৰা বাতৰি বিভিন্ন চেনেল, বাতৰি কাকত, ৱেব পৰ্টেল আদিত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল যদিও উপ-সংমণ্ডল খনৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে দালাল দুগৰাকীক নাকী লগোৱাৰ বিপৰীতে বৰপীৰা পাৰি দি দালাল দুগৰাকীৰ জৰিয়তে চৰাঞ্চলৰ বিদ্যুতৰ নামত সোঁৱে বাওঁৱে ধন সংগ্ৰহ কৰাত উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপিত হৈছে। ৰাজ্য খনৰ বিদ্যুত বিভাগক মন্ৰী বিমল বৰাই সংস্কাৰ কৰিব বিছৰাৰ পিছতো মন্ৰী গৰাকীৰ সংস্কাৰক ধোঁৱাচাঙত তুলিব বিচৰা এই সকল বিদ্যুত বিষয়া কৰ্মচাৰী লগতে দালালৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহন কৰে সেয়া হব লক্ষণীয়।

Leave A Reply