তালগুৰী-বাসুগাঁও সংযোগী জৰাজীৰ্ণ পথৰ নিৰ্মানৰ দাবীত এই প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ । তালগুৰী-বাসুগাঁও সংযোগী পথৰ ধনতোলাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধনতোলা-বইটামাৰী আৰু বামুণীটিলা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
জৰাজীৰ্ণ পথৰ নিৰ্মাণ আৰু গধুৰ যান বাহন চলাচল বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই তালগুৰী-বাসুগাঁও সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে জীয়াতু ভুগিব লগা হৈছে স্থানীয় ৰাইজ তথা পথাচাৰী । আনহাতেদি গধুৰ যান বাহনৰ দৌৰাত্মত জহি খহি গৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে পথটো ।
প্ৰতিবাদস্থলীত উপস্থিত বইটামাৰী চক্ৰ বিষয়াক অচিৰেই পথটো নিৰ্মান আৰু গধুৰ যান বাহন চলাচল কৰা বন্ধ কৰিবলৈ দাবী জনাই বঙাইগাঁও জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ

