ধুবুৰীত চৰকাৰী নিবিদাক লৈ চলিছে চৰম অনিয়ম …

হাট বজাৰৰ চৰকাৰী নিবিদাক লৈ চলিছে চৰম অনিয়ম । খণ্ড উন্নয়ন বিষয়াকো দিয়া নাই গুৰুত্ব । ধুবুৰী জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি জিলা পৰিষদৰ সভাপতিয়ে একছেত্ৰী ৰাজ চলোৱাৰ অভিযোগ । নিবিদা দাখিল কৰাৰ পিছতো নিবিদাকাৰীক গুৰুত্ব নিদিয়াকৈ কি যুক্তিত বজাৰ খন টল ক্যালেকশনত দিয়া হল,এই প্ৰশ্ন উত্থাপন কৰিছে বজাৰ সমিতিয়ে ।

ধুবুৰী জিলাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত বহলপুৰ সাপ্তাহিক বজাৰৰ বাবে চৰকাৰী ভাবে যোৱা ২১ জুনত নিবিদা গ্রহণ কৰি এক জুলাইত বজাৰ পত্তন দিয়াৰ কথা আছিল কিন্তু বৰ্তমান লৈকে বজাৰখন পত্তন নিদি বজাৰ খনত কি যুক্তিত টোল ক্যালেকটৰ নিযুক্তি দিব লগা হল এই প্ৰশ্ন উত্থাপন কৰিছে বজাৰ সমিতিয়ে।

এইজনেই সেইজন ধুবুৰী জিলা পৰিষদৰ সভাপতি যিজনৰ বিৰুদ্ধে চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰী একছেত্ৰী ৰাজ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বহলপুৰ সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ সভাপতি সহিদ আলী মণ্ডলে ।
উল্লেখ্য যে এই সম্পর্কে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি ইতিমধ্যে এক অভিযোগ দাখিল কৰা বুলিও জানিব দিয়ে লগতে জিলা প্ৰশাসনে বিষয়টোৰ ওপৰত তদন্ত কৰি বিহীত ব্যবস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায়।

Related Articles