Breaking

কিমান ৰাজ্যত আছে বিজেপিৰ ক্ষমতা…

0 18

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ আন ক’তো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা নাছিল। অৱশ্যে জেডিইউ নেতা নীতিশ কুমাৰৰ ‘ৰাজনৈতিক ৰিগমাৰ’লৰ বাবে বিহাৰতো বিৰোধী শাসনত নাথাকিল।বিগত ডিচেম্বৰ মাহত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত দেখা গ’ল যে দেশৰ আৰু তিনিখন ৰাজ্য বিজেপিৰ শাসনৰ অধীনলৈ আহিছিল। নীতিশৰ দলৰ সৈতে বিজেপি চৰকাৰলৈ আহিছিল। দেশৰ ২৮খন ৰাজ্যৰ ভিতৰত মাত্ৰ ১১খন ৰাজ্যত বিৰোধী দলে শাসন কৰে।

কংগ্ৰেছক পৰাস্ত কৰি পাঁচটা ৰাজ্যিক বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপি ক্ষমতালৈ আহিছিল। আনহাতে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে তেলেংগানা দখল কৰে। তেলেংগানাৰ পিছত দেশত কংগ্ৰেছ শাসিত ৰাজ্যৰ সংখ্যা তিনিখন। বাকী দুখন হ’ল হিমাচল প্ৰদেশ আৰু কৰ্ণাটক। মুঠ ১৭ খন ৰাজ্য বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এন ডি এৰ অধীনলৈ আহিল। বৰ্তমান উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, গুজৰাট, গোৱা, অসম, ত্ৰিপুৰা, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপি একক ক্ষমতাত আছে।

বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ৰ অন্যতম অংশীদাৰ অৰবিন্দ কেজৰিৱালৰ দল ইউ পি পঞ্জাৱ আৰু অৰ্ধ কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীত ক্ষমতাত আছে। পশ্চিম বংগত তৃণমূলৰ ক্ষমতা। কংগ্ৰেছ আৰু আৰজেডিৰ সমৰ্থনত ঝাৰখণ্ডত হেমন্ত ছ’ৰেনৰ জেএমএম ক্ষমতাত আছে। তামিলনাডুত কংগ্ৰেছ আৰু চিপিএমৰ সৈতে এম কে ষ্টেলিনৰ ডিএমকে চৰকাৰত আছে। মিজোৰামত লালডুহোমাৰ দল জেড পি এমৰ ক্ষমতা। নবীন পাটনাইকৰ বিজেডিয়ে দীৰ্ঘদিন ধৰি ওড়িশাত ক্ষমতা দখল কৰি আহিছে। অন্ধ্ৰ প্ৰদেশত শাসনত আছে জগনমোহন ৰেড্ডীৰ দল ৱাই এছ আৰ কংগ্ৰেছ। কেৰালাত বাওঁ মিত্ৰজোঁটৰ ক্ষমতা।


Leave A Reply