Breaking

জামুগুৰিহাটত বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে

0 45

বনৰীয়া ফুলেও ইমান নান্দনিক হৈ ধৰা দিব পাৰে নে! আপোনা আপুনি গজি উঠা এই অনামী ফুলে কাক যে আকৰ্ষণ কৰা নাই! মানুহৰ দৈনিক অৱসাদ দূৰ কৰাৰ ক্ষমতা যাৰ বিদ্যমান। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন পথাৰত শ শ বিঘা মাটিত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টি নন্দন শোভাই এতিয়া হাত বাউলি মাতিছে সকলোকে।

শেহতীয়াকৈ ‘পিংক লেণ্ড’ হিচাপে পৰিচিত বনৰীয়া ফুলৰ এই নান্দনিক সৌন্দৰ্য্য প্ৰাণ কৰিবলৈ পথাৰখনত এতিয়া প্ৰতিদিনাই সমাগম হৈছে শ শ লোকৰ। জামুগুৰিহাটৰ পশ্চিমাঞ্চালত তথা নৱনিৰ্মিত চকীঘাট দলঙৰ আৰু জামুগুৰিহাটৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে ফুলি থকা এই ফুলৰ সৌন্দৰ্য্য উপভোগ কৰিছে বৃদ্ধৰ পৰা যুৱক-যুৱতী সকলোৱেই। অকল স্থানীয় ব্যক্তিয়েই নহয় ৰাষ্ট্ৰীয় ঘাইপথৰে অসমৰ বিভিন্ন স্থানলৈ যোৱা ব্যক্তিসকলে গাড়ী ৰখাই এতিয়া এই ফুলনীত বহি উঠিছে একপিকৈ ফটো।

যুৱক-যুৱতীসকলেও নিজৰ নিজৰ ম’বাইলত লৈছে ছেলফী। বেঙুনীয়া বনৰীয়া ফুলৰ সৌন্দৰ্য্য বিভোৰ সকলো। বনৰীয়া ফুলৰ বেঙুনীয়া দলিচাত খন্তেক জিৰাবলৈ মতলীয়া সকলো। এক প্ৰকাৰ কবলৈ গ’লে এতিয়া জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ এই ধেমাজি পথাৰ এতিয়া পৰিণত হৈছে ছেলফী জ’নত। উল্লেখ্য যে বিগত বৰ্ষত পোন প্ৰথম বাৰৰ বাবে আবিষ্কাৰ হোৱা এই পথাৰ খনত ফুলা এই ফুলক লৈ সমগ্ৰ ৰাজ্যখনতে চৰ্চা লাভ কৰিছিল।

দুৰ্ভাগ্যজনক যে যোৱা বছৰত জামুগুৰিহাটৰ এই পথাৰখনত ফুলিবলৈ লোৱা এই বনৰীয়া ফুলৰ ওপৰত একাংশ অবিবেক লোকে চলাইছিল চৰম অত্যাচাৰ।

ছেলফি উঠাৰ নামত হাঁহি হাঁহি ফুলি থকা অনামী গোলাপীয়া ফুলবোৰ হাতেৰে মোহাৰি চিঙি ধ্বংস কৰাই নহয় একাংশ স্থানীয় উদণ্ড যুৱকে বাইক ষ্টান্ট কৰি ফুলবোৰ নষ্ট কৰি পেলাইছিল যদিও এইবাৰ যাতে প্ৰকৃতিয়ে উপহাৰ হিচাপে দিয়া এই ফুলৰ সৌন্দৰ্য্য কোনেও হানি কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।

Leave A Reply