Breaking

জোনাই বিধানসভা সমষ্টিৰ জৰাজীৰ্ণ বাট-পথ, নদীৰ বান-খহনীয়াই  জুৰুলা কৰি আহিছে কৃষিজীৱী ৰাইজক…

0 17

চৰকাৰৰ উন্নয়নৰ আঁচনিৰে ঢুকি পোৱা নাই ছিগা অঞ্চল,

জৰাজীৰ্ণ বাট-পথ,দেতাক নদীৰ বান-খহনীয়াই  জুৰুলা কৰি আহিছে কৃষিজীৱী ৰাইজক

চৰকাৰৰ উন্নয়নৰ আঁচনিৰে ঢুকি পোৱা নাই জোনাই বিধানসভা সমষ্টিৰ ছিগা গাওঁ পঞ্চায়তত। ছিগা অঞ্চলৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাই আহিছে গাওঁ পঞ্চায়তখনৰ কেবাখনো কৃষিজীৱী ৰাইজক। ছিগা অঞ্চলৰ ১ নং লাদাংগুৰী গাঁৱৰ পৰা মাইনাওপুৰ গাওঁ সংযোগী পথ,মাইনাওপুৰ গাঁৱৰ পৰা ছিঙ্গাপুৰ হৈ মাইদাংশ্ৰী সংযোগী পথ কেইটা অতি শোচনীয়।

মাইনাওপুৰৰ পৰা ছিঙ্গাপুৰ হৈ মাইদাংশ্ৰী সংযোগী পথত থকা নাহৰ দেতাক নদীৰ ওপৰত দলং নিৰ্মাণ নকৰাৰ সফল কৃষিজীৱী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছে।আনহাতে নাহৰ দেতাক নদীৰ বানপানী, খহনীয়াই ১ নং মাইদাংশ্ৰী,২ নং মাইদাংশ্ৰী, ছিঙ্গাপুৰ,১ নং  লাদাংগুৰী, নাহৰ দেতাক গাওঁ কেইখনৰ শস্য পথাৰ, কৃষিভূমি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে।

ইয়াৰোপৰি ছিগা অঞ্চলত আজিও পশুপালন আৰু পশু চিকিৎসা সেৱা, খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই।আনহাতে স্বাস্থ্য সেৱা সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে ছিগাবাসী গঞা ৰাইজ।এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছিগা অঞ্চলত উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি কৃষিজীৱী ৰাইজৰ জীৱন উন্নত কৰিবলৈ এবছু, ইউবিপিঅ, আবৌফ,জিএনএছএমৰ জোনাই আঞ্চলিক সমিতিয়ে জনপ্ৰতিনিধি,চৰকাৰ,প্ৰশাসনক দাবী জনাইছে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply