Breaking

ঢেকীয়াজুলি সমষ্টিৰ কাটনি গাঁৱত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে

0 95

ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা গাওঁ পঞ্চায়ত এলেকাৰ কাটনি গাঁৱত আজি বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে ৭১ নং  ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটনি গাওঁ হৈ ৰোহিনীবিল গাওঁ সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা বিগত বহুদিনৰ পৰাই বিধ্বস্ত হৈ আছে৷ফলত উক্ত পথেৰে  বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰযাতনা ভোগী আহিছে৷আনকি পথত জমা হোৱা বুকাময় পানী এতিয়া একাংশ পৰিয়ালৰ চোতালত পাইছেগৈ৷উক্ত বিধ্বস্ত পথচোৱা নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ লগতে ঠেলামৰা গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈকে জনপ্ৰতিনিধি সকলে বিধ্বস্ত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰিল অঞ্চলটোৰ ভুক্তভোগী ৰাইজ৷

সেয়েহে উক্ত বিধ্বস্ত পথচোৱা নিৰ্মাণৰ দাবীত আজি কাটনি গাঁৱত অঞ্চলৰটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি কাটনিগাঁৱৰ পৰিবেশ উত্তাল কৰি তোলে৷সমান্তৰালভাৱে ৩০ দিনাৰ ভিতৰত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিলে প্ৰতিবাদী ৰাইজে৷ইমানৰ পাছতো যদি চৰকাৰৰ গা নলৰে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিলে আজি ক্ষোভিত ৰাইজে৷

Leave A Reply