Breaking

মাজুলীত ওলাইছে ‘হাতীপটী’; ‘হাতীপটী’ চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ

0 95

শৈশৱত দেউতাৰ বোকোচাত উঠি নিশাৰ আকাশত হাতীপটী চোৱাৰ আনন্দৰ মাজত শিশু সকলৰ কোমল মনত মহাকাশ জগতখনৰ প্ৰতি এক বিশেষ দৃষ্টিভংগী গঢ়ি উঠে। মাজুলীত ওলাইছে হাতীপটী।হাতীপটী চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ।পিছে কি এই হাতীপটী? এজাক গ্ৰন্থ পিপাসু শিশুৰ বাবে মাজুলীৰ বিভিন্ন স্থানত কুৰিটাকৈ ক্ষুদ্ৰ পুথিভঁড়াল স্থাপনেৰে স্বেচ্ছাসেৱী অনুষ্ঠান ‘আয়াং ট্ৰাষ্টে’ এক বাতানুকূল গ্ৰন্থ আন্দোলনৰ জোৱাৰ আনিছে।

গ্ৰামাঞ্চলৰ শিশুসকলক পুথি অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ২০১৮ চনত মাজুলীৰ কেইগৰাকীমান শিক্ষিত যুৱক-যুৱতীৰে গঠিত ‘আয়াং ট্ৰাষ্ট’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে মাজুলীৰ ভিতৰুৱা অঞ্চলৰ শিশুসকলৰ গ্ৰন্থ অধ্যয়নৰ সুবিধা হোৱাকৈ কণ কণ শিশুৰ মনত ৰেখাপাত কৰিব পৰাকৈ এখন চাৰিচকীয়া বাহনত আকৰ্ষণীয় চিত্ৰ অংকন কৰি বিশেষ বাহনখনৰ ভিতৰত শিশু উপযোগী মূল্যবান গ্ৰন্থ সম্ভাৰ লৈ গাঁৱে গাঁৱে ‘ হাতীপটী’ নামেৰে এটি ভ্ৰাম্যমাণ পুথিভড়ালৰ জড়িয়তে ‘আয়াং ট্ৰাষ্টে’ শিশু সকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ মানসেৰে এক আন্দোলন গঢ়ি তুলিছে।

উল্লেখ্য যে,মাজুলীৰ ভিন্ন স্থানত এতিয়ালৈকে স্বেচ্ছাসেৱী অনুষ্ঠান আয়াং ট্ৰাষ্টে শিশু উপযোগী মুঠ ২০ টা ক্ষুদ্ৰ পুথিভঁৰাল গঢ়ি তুলিছে।


আয়াং ট্ৰাষ্টে সমাজৰ বাবে আগবঢ়োৱা এনে আদৰণীয় পদক্ষেপৰ পম খেদি মাজুলীৰ গড়মূৰৰ ফুটুকী মধুপুৰত স্থাপন কৰা তেনে এটি ক্ষুদ্ৰ পুথিভড়াললৈ গৈ আমিও অভিভূত হৈছিলোঁ।

পুথিভঁড়ালত নিয়মিতভাৱে অধ্যয়নৰত এজাক শিশু আৰু ব্যৱস্থাপক মণ্ডলীৰ মনৰ খবৰ লৈ জানিব পাৰিলো মাজুলীৰ ভিতৰুৱা অঞ্চলৰ বহু ঠাইত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গঢ়ি তোলা পুথিভঁড়াল সমূহত প্ৰায় চল্লিশৰ পৰা অৰ্ধশতাধিক শিশুৱে মনোযোগিতাৰে গ্ৰন্থ অধ্যয়ন কৰাৰ এক আশাপ্ৰদ খবৰ।

এই অনুষ্ঠানটোৰ ‘সপোন সাৰথি’ নামৰ ব্যৱস্থাপকে বিভিন্ন কাৰ্যকলাপ প্ৰদৰ্শনেৰে কণ কণ শিশু সকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি ধাউতি বঢ়োৱাৰ আন্তৰিক প্ৰচেষ্টাই শিশুসকলৰ মনত সঁচাকৈয়ে গ্ৰন্থৰ প্ৰতি উৎসাহ বঢ়াইছে। ‘হাতীপটী’পুথিভঁড়ালত সমবেত শিশুসকলে এতিয়া সুন্দৰকৈ গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে মনোগ্ৰাহী কবিতা আবৃত্তি আৰু সাধু ক’ব পাৰে।

মনোজগতত খেলা কৰা বিভিন্ন কৌশল অৱলম্বনেৰে মাজুলীত ‘আয়াং ট্ৰাষ্ট’ৰ গ্ৰন্থ আন্দোলনৰ এই জোৱাৰে অনাগত দিনত শিশু সকলক দেশৰ ধৰণী কৰি গঢ়ি তোলাৰ দিশত নিৰ্ণায়ক ভূমিকা পালন কৰিব।

Leave A Reply