ধেমাজি জিলাৰ মিছামৰা, ডেকাপাম অঞ্চলত বানপানী, জৰাজীৰ্ণ বাট-পথে জ্বলা কলা খুৱাই আহিছে গঞা ৰাইজক…  

মিছামৰা, ডেকাপাম অঞ্চলত আজিও নিৰ্মাণ হোৱা নাই উন্নয়নৰ আন্তঃগাঁথনি,বানপানী, জৰাজীৰ্ণ বাট-পথে জ্বলাকলা খুৱাই আহিছে গঞা ৰাইজক                     

দশক দশক ধৰি ধেমাজি জিলাৰ মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত মিছামৰা আৰু ডেকাপাম গাওঁ পঞ্চায়তত বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ আহিছে। মিছামৰা গাওঁ পঞ্চায়তৰ মিছামৰা,মিছামৰা তিনিআলি,১ নং নাওকাটা,২ নং নাওকাটা,৩ নাওকাটা,১ নং নলবাৰী,২ নং নলবাৰী,৩ নং নলবাৰী, বাথাবাৰী,ৰাওন কুমলীয়া,১ নং মোহনপুৰ,২ নং মোহনপুৰ,৩ নং মোহনপুৰ, হস্তিনাপুৰ, কাড়িচুক,অন্নপুৰ,উলুচাপৰি,১ নং জয়পুৰ,২ জয়পুৰ,৩ নং জয়পুৰ আদি কৃষিজীৱী গাওঁ সমূহ কেবাটাও দশক ধৰি দিখাৰী, ডেকা,চেৰেণ আদি নদীয়ে তাণ্ডৱ চলাই আহিছে।যাৰফলত বানপীড়িত অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিগ্ৰস্ত হৈ আহিছে।

আনহাতে বৃহত্তৰ নাওকাটা অঞ্চলৰ যাতায়ত ব্যৱস্থাও আজিকোপতি অতি শোচনীয়। উল্লেখযোগ্য যে মিছামৰা গাওঁ পঞ্চায়তৰ কৃষিজীৱী ৰাইজে শালি খেতিৰ উপৰি ৰবি শস্যৰ খেতিতো মনোনিবেশ কৰি আহিছে। কিন্তু বানপানীৰ লগতে জৰাজীৰ্ণ যাতায়তৰ বাবে কৃষক সকলে অনেক অসুবিধাৰ সন্মুখীন হ’বলগা হৈ আহিছে।আনহাতে মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ ডেকাপাম গাওঁ পঞ্চায়তৰ ১ নং ৰামপুৰ,২ নং ৰামপুৰ,৩ নং ৰামপুৰ,১ নং

বিজয়পুৰ,২ নং বিজয়পুৰ,৩ নং বিজয়পুৰ,গয়বাৰী,ডেকা শান্তিপুৰ আদি কৃষিজীৱী গাঁৱত আজিকোপতি উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ হোৱা পৰিলক্ষিত হোৱা নাই। বৃহত্তৰ ৰামপুৰ, বিজয়পুৰ অঞ্চলত যাতায়তৰ অৱস্থা অতি শোচনীয়। খেতিপথাৰত কোনো জলসিঞ্চনৰ ব্যৱস্থা গঢ় লৈ উঠা নাই।মিছামৰা, ডেকাপাম অঞ্চলত দিখাৰী, ডেকা , ডেতাক,চেৰেণ নদীৰ নিয়ন্ত্ৰণ কৰি জৰাজীৰ্ণ বাট-পথৰ নিৰ্মাণ কৰিবলৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ, নিখিল বড়ো ছাত্র সন্থা, সংযুক্ত বড়ো গণ মঞ্চ, আবৌফৰ লগতে স্থানীয় ভোক্তভোগী ৰাইজে চৰকাৰ,প্ৰশাসনক দাবী জনাইছে।

শম্ভু দাস চিলাপথাৰ

Related Articles